Breaking

দেৰগাঁৱক মহকুমা ঘোষনা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান গোলাঘাট জিলা আপকুৰ।বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালীক বিশেষ পদক্ষেপ গ্ৰহন কৰিবলৈ অনুৰোধ।

0 2,233

শাসনাধিষ্ঠিত প্ৰতিখন চৰকাৰকে বাৰম্বাৰ আবেদন নিবেদন  প্ৰদান  কৰি অহাৰ পাছতো আজি পৰ্যন্ত কোনো এখন চৰকাৰে দেৰগাঁৱক মহকুমা গঠন কৰাৰ সিদ্বান্ত কাৰ্যকৰী নকৰিলে ।যোৱা ২০১৯ বৰ্ষৰ ৩০ এপ্ৰিল তাৰিখে আসাম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়ন (আপকু)ৰ দেৰগাঁৱত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ ৰাজহুৱা সভাত অসম চৰকাৰ সেই সময়ৰ মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী,দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী আৰু টিংখাং সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী বিমল বড়া সহ ৰাজ্যৰ বহু কেইজন গন্য মান্য ব্যক্তিৰ উপস্থিতিত গোলাঘাট জিলাৰ দেৰগাঁৱক মহকুমা গঠন কৰিবৰ বাবে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক দাবী জনাই প্ৰস্তাৱ গ্ৰহন কৰা হৈছিল ।পৰৱৰ্তী সময়তো এই বিষয়ে অৱগত কৰাৰ পাছতো ৰাইজৰ  দাবীক কোনো ধৰনৰ গুৰুত্ব প্ৰদান নকৰিলে ৰাজ্য চৰকাৰ খনে ।৮১ খন ৰাজহ গাঁৱেৰে দেৰগাঁও,মিছামৰা,গুৰুযোগনিয়া আৰু কাকডোঙা মৌজাক লৈ দেৰগাঁও ৰাজহ চক্ৰ গঠিত হৈছে ।অনুসুচিত জাতি ,অনুসুচিত জনজাতি ,চাহ জনজাতি,সংখ্যালঘু ,ভাষিক সংখ্যালঘু ,সাধাৰন আৰু অন্যান্য পিছপৰা শ্ৰেনীৰ লোকৰ বসতি প্ৰধান এই ৰাজহ চক্ৰটো বুৰঞ্জীৰ প্ৰতিটো সন্ধিক্ষনতে স্পৰ্শিত হৈছে ইয়াৰ পবিত্ৰ ভুমি ।স্বৰ্গদেউ চাওলুং চ্যুকাফা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱ এই দুয়োগৰাকী মহান পুৰুষৰ আদৰ্শৰে ঐতিহ্যময় গৰিমাৰে মহিমামণ্ডিত দেৰগাঁও ।ভাৰত বৰ্ষৰ স্বাধীনতা আন্দোলনৰ অন্যতম শ্বহীদ কমলা মিৰি দেৰগাঁৱৰ নিচেই সমিপৰ ।১৯০২ চনতে গঠিত দেৰগাঁও ৰাজহ চক্ৰ এলেকাত অসম বিখ্যাত মহিমামণ্ডিত খনিকৰ পুথি ,ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্মস্থান ,ৰাষ্ট্ৰীয় আন্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু ব্যক্তিৰ জন্ম এই স্থানত ।এটা মহকুমা গঠন হব পৰাকৈ মাটিকালি আৰু জনসংখ্যা থকাৰ পাছতো ১৯৭৪ চনৰ পৰা কৰি অহা আবেদন নিবেদন কেৱল ভুৱা প্ৰতিশ্ৰুতি হৈ আহিছে ।ইতিমধ্যেই কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়,কেইবাটাও ৰাষ্ট্ৰীয়কৃত বেংক ,অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ,দুটাকৈ উন্নয়ন খণ্ড , এখন আৰক্ষী থানা আৰু এটা আৰক্ষী চকী,পৰিবহন বিষয়াৰ কাৰ্যালয়,বিদ্যুৎ উপসংমণ্ডল বিষয়াৰ কাৰ্যালয়,গড়কাপ্তানী উপ সংমণ্ডলৰ গৃহ আৰু পথৰ কাৰ্যালয় ,কেইবাখনো চিকিৎসালয়,কেইবাখনো উচ্চ শিক্ষাৰ অনুষ্ঠান  ,পৌৰ সভাৰ কাৰ্যালয়,কেইবাখনা পশু চিকিৎসালয়ৰ উপৰিও প্ৰতিটো বিভাগৰে কাৰ্যালয় দেৰগাঁও ৰাজহ চক্ৰ এলেকাত আছে ।উল্লেখযোগ্য যে দেৰগাঁৱৰ সোমাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অতিক্ৰম কৰা এই অঞ্চলটোলৈ সিমামুৰিয়া  মাজুলী আৰু বোকাখাত সমষ্টিৰো কেইবাখনো ৰাজহ গাঁৱৰ বহুলোক বিভিন্ন কাম কাজৰ বাবে নিতৌ অহা যোৱা কৰে  । যোৱা ১৫ আগষ্টৰ  দিনা  দেৰগাঁৱক মহকুমা হিচাপে ঘোষনা কৰি স্বাধীনতা দিবসৰ উপহাৰ হিচাপে প্ৰদান কৰিবৰ বাবে এক প্ৰেছ বিবৃতিৰ  জৰিয়তে  অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক আহ্বান জনাইছিল   আসাম প্ৰেছ কৰেছ পণ্ডেণ্টছ ইউনিয়ন (আপকু) গোলাঘাট জিলা সমিতিৰ সভাপতি নবীন গোহাঁই আৰু সম্পাদক প্ৰনৱ চক্ৰৱৰ্ত্তীয়ে ।কিন্তু আজি পৰ্যন্ত কোনো ধৰনৰ সুফল নোপোৱাত নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ এক প্ৰেছ বিবৃতি যোগে অতি শীঘ্ৰে দেৰগাঁৱক মহকুমা ঘোষনা কৰিবৰ বাবে দাবী জনাইছে আপকু গোলাঘাট জিলা সমিতিৰ সভাপতি নবীন গোহাঁই আৰু সম্পাদক হেমন্ত শইকীয়াই ।এই ক্ষেত্ৰত দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীক বিশেষ পদক্ষেপ গ্ৰহন কৰিবৰ বাবেও সংগঠনটোয়ে আহ্বান জনায় ।

Leave A Reply