গোলাঘাটৰ বাবে এটা ভাল খবৰ। যিটো সময়ত ক’ভিড ৰোগীক চিকিৎসকে হেমাহি কৰাৰ খবৰ প্ৰায়েই সংবাদ মাধ্যমত স্থান পাই আহিছে তেনেসময়তে গোলাঘাটৰ তিনি চিকিৎসকে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰি চিকিৎসা সেৱাক আৰু এঢাপ ওপৰলৈ তুলিলে। গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ তিনি প্ৰসূতি বিভাগৰ চিকিৎসকে নিজৰ দায়িত্ব সুকলমে পালন কেৱল নিদৰ্শন দেখুৱাই নহ’য় , জীৱন দান দিলে তিনি নৱজাতকক। ডা: গুণ কুমাৰ দলে, ডা: চাহিদুল হক আৰু ডা: নিপন শ্যাম এই তিনি চিকিৎসকে ক’ভিড যুদ্ধৰ সন্মুখ সমৰত থাকি দাঙি ধৰিলে এক বিৰল দৃষ্টান্ত। যোৱা ২৯ আৰু ৩১ মে’ত ভৰ্ত্তি হোৱা দুই ক’ভিড পজিটিভ প্ৰসূতিক আপাতকালীনভাৱে অস্ত্ৰোপচাৰ কৰি দুটিকৈ সন্তানক পৃথিৱীৰ পোহৰ দেখুৱাবলৈ সক্ষম হ’য়। সুভদ্ৰা তাঁতী আৰু ৰূপা তাঁতী নামৰ এই ক’ভিড আক্ৰান্ত মহিলা দুগৰাকীৰ শাৰীৰিক অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি ততাতৈয়াকৈ অস্ত্ৰোপচাৰ কৰি দুটিকৈ নৱজাতকক জীৱন দান দিয়ে। বৰ্তমান মাতৃসহ দুটি নৱজাতক সুস্থ বুলি জানিব পৰা গৈছে। গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা: সুৰেন তামূলীৰ নেতৃত্বত চিকিৎসকৰ দলটোৱে পাঁচগৰাকীকৈ চিকিৎসা কৰ্মীৰ সহযোগত এই অস্ত্ৰোপচাৰ সম্পন্ন কৰি সফলতা লাভ কৰে। যিটো এতিয়া সকলো চিকিৎসকৰ বাবেই অনুপ্ৰেৰণা হৈ পৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰহাত ভাৰতীয় জনতা পাৰ্টিৰ পুৰণি নেতা কৰ্মীৰ কাৰ্যকৰ্তা সন্মিলন ! পুৰণি বিজেপি নেতা কৰ্মী উপেক্ষিত হৈ থকাৰ অভিযোগ…
- ৰৌতাত মুছলিম ছাত্র সন্থা (মুছা) ৰ কৰ্মশালা সম্পন্ন ! বি টি আৰত মুছলিমক ভূমি অধিকাৰ প্ৰধান কৰকঃ আশ্বিক ৰাব্বানী…
- মাজবাটৰ চিকাৰীডাঙাত ৩৭৪ কাৰ্টুন অবৈধ সুৰা জব্দ…
- বিপদত আল্লু! দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে আইনী ব্যৱস্থা…
- মাৰ্ঘেৰিটাৰ বৰগোলাইত তামাং বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ বিশাল ধৰ্মীয় শোভাযাত্ৰা…
- শিক্ষকৰ বেত্ৰাঘাতত আহত সপ্তম শ্ৰেণীৰ ছাত্ৰী…
- বকোৰ লামপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ৭জন আঘাতপ্ৰাপ্ত…
- দেৰগাঁৱত আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস পালন…
- ৩০ বছৰ বয়সৰ পূৰ্বেই মাতৃ হৈ পৰিছে বহু শীৰ্ষ অভিনেত্ৰী, ৩০ বছৰৰ পূৰ্বে মাতৃ হোৱাৰ সুফল জানক…
- মহানগৰ আৰক্ষীৰ জালত ২টা চাইবাৰ অপৰাধী ! ইণ্টাৰনেটৰ সহায়ত প্ৰৱঞ্চনাৰ জাল মেলি লুটিছিল ২ কোটি টকা…