Breaking

গোলাঘাট আৰক্ষীৰ বৃহৎ সফলতা: গ্ৰেপ্তাৰ তিনি দুধৰ্ষ বেংক প্ৰৱঞ্চক

0 2,029

ৰাজ্য জুৰি বেংক  প্ৰৱঞ্চনা চলাই থকা তিনি দুধৰ্ষ  প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিলে গোলাঘাট আৰক্ষীয়ে । প্ৰৱঞ্চক তিনিটা নাম হ’ল  চায়িদ আহমেদ লস্কৰ ,নুৰ আহমেদ বৰভূঞা আৰু মতিবুৰ ৰহমান চৌধুৰী । ইয়াৰে দুজনক গুৱাহাটী আৰু এজনক হোজাইৰ পৰা গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে । উল্লেখযোগ্য যে গোলাঘাটৰ এখন মহাবিদ্যালয়ৰ অধ্যক্ষ বেংক একাউণ্টৰ  পৰা ১৩ লাখ টকা  হৰলুকী কৰিছিল  এই তিনি অপৰাধীয়ে । এ.টি. এমত পইচা উলিওৱাৰ সময়ত কৌশলেৰে এ.টি.এম কাৰ্ডৰ জৰিয়তে প্ৰৱঞ্চনা আৰম্ভ কৰিছিল  প্ৰৱঞ্চকৰ দলটোৱে । অধ্যক্ষ জনৰ একাউন্ট পৰা অনলাইন যোগে বেংকৰ পৰা 13 লাখ টকা হৰলুকী কৰি বিভিন্ন অনলাইন চাইটত অনলাইন শ্বপিং কৰিছিল প্ৰৱঞ্চক কেইটাই । অধ্যক্ষ গৰাকীৰ ধন হৰলুকী গোচৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে তদন্ত চলাই এই দুধৰ্ষ প্ৰৱঞ্চক কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ  সক্ষম হয় । প্ৰৱঞ্চক কেইটা ঘৰ হোজাই জিলাত বুলি আৰক্ষীয়ে জানিব দিয়ে । এই প্ৰৱঞ্চক কেইটাৰ লগত বহিৰাজ্যৰ প্ৰৱঞ্চকৰ  সম্পৰ্ক থকা বুলি জানিব দিছে গোলাঘাট আৰক্ষীয়ে । প্ৰৱঞ্চক কেইটাৰ  পৰা এখন FORD কোম্পানীৰ বিলাসী গাড়ী , বহুতো মোবাইন ফোন, বেংক পাছবুক ,লেপটপ, ৫৯ খন ডেবিট কাৰ্ড, ছিমকাৰ্ডৰ লগতে বহুতো আপত্তিজনক নথী পত্ৰ জব্দ কৰে আৰক্ষীয়ে । ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ  বাবে সোধ -পোচ আৰম্ভ কৰিছে ।প্ৰৱঞ্চক কেইটাৰ পৰা আৰক্ষীয়ে বৰ্ত্তমান পৰ্যন্ত ৩ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ৰাজ্য জুৰি প্ৰৱঞ্চনাৰ জাল মেলিছিল প্ৰৱঞ্চকৰ দলটোৱে ।

Leave A Reply