Breaking

গোগামুখত মিচিং জাতীয় সংগঠন টি এম পি কেৰ সোণালী জয়ন্তী বৰ্ষ- অষ্টম মিচিং যুৱ মহোৎসৱ আৰম্ভঃ হাজাৰ হাজাৰ শিল্পী- টি  এম পি কেৰ প্ৰতিনিধিৰে মুখৰিত গোগামুখ

0 107

অসমৰ ভূমিপুত্ৰ মিচিং সকলৰ শক্তিশালী সংগঠন টি এম পি কেই ৫০ বছৰত ভৰি দিয়া উপলক্ষে তেওঁলোকৰ গৌৰৱোজ্জল সোণালী জয়ন্তী আৰু অষ্টম মিচিং যুৱ মহোৎসৱ  ধেমাজি জিলাৰ গোগামুখৰ চুমনিত যৌথভাৱে বৃহস্পতিবাৰৰ পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হৈছে৷ 

আজিৰ পৰা ৫  ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগা সোণালী জয়ন্তী আৰু অষ্টম মিচিং যুৱ মহোৎসৱলৈ আজি দূৰ-দূৰণিৰ সকলোবোৰ শিল্পী আৰু টি এম পি কেৰ প্ৰতিনিধি সকল অনুষ্ঠানস্থলীত আহি উপস্থিত হৈছে৷ যুৱ মহোৎৱৰ বিভিন্ন সাংস্কৃতিক আৰু পৰম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ৬০০০ শিল্পী আৰু ৬০০০ টি এম পি কেৰ প্ৰতিনিধি অনুষ্ঠান স্থলীত উপস্থিত হোৱাৰ বিপৰীতে ২০০০ টি এম পি কেৰ স্বেচ্ছাসেৱকে অনুষ্ঠান সাফল্যমণ্ডিত কৰিবলৈ দিনে-নিশাই সেৱা আগবঢ়াই আছে৷

শিল্পী,  টি এম পি কেৰ প্ৰতিনিধি, স্বেচ্ছাসেৱক আৰু অনুষ্ঠানস্থলীৰ জন সমাগমে  সমগ্ৰ গোগামুখ মুখৰিত কৰি তুলিছে৷ অনুষ্ঠান দুটাৰ  কাৰ্যসূচী অনুযায়ী আজি প্ৰথম দিনা পুৱা ১১ বজাত মূল আদৰণি তোৰণ শুভ উদ্বোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে ৷ ১১-১০ বজাত দঃঞি-পঃল’ গাংগৃং উদ্বোধন কৰে দঃঞি-পঃল’ য়ৗলাম কৗবাঙৰ সভাপতি ড° বিদ্যেশ্বৰ দলেয়ে৷

১১-২৫ বজাত মৃৰং ঘৰ চাংগত বা উঠা শুভাৰম্ভ কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই৷ মৃৰং ঘৰ উদ্বোধন কৰি তেওঁ কয়- ’টি এম পি কে আৰু মিচিং যুৱ মহোৎসৱে এখন সুন্দৰ প্ৰগতিশীল সমাজ ব্যৱস্থা নিৰ্মাণৰ বাবে ইতিমধ্যে লক্ষ্য স্থিৰ কৰি লৈছে৷ টি এম পি কে আৰু যুৱ মহোৎসৱ অংশগ্ৰহণ কৰিব লগা শিল্পী সকলে এই অনুষ্ঠানৰ জৰিয়তে সমাজক নতুন বাৰ্তা দিব৷

হত্যা-হিংসা, কু-সংস্কাৰ  বৰ্জিত পৰিৱেশ সৃষ্টি কৰিবৰ বাবে মিচিং সমাজত সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰা হৈছে৷ এই সাংস্কৃতিত আমি কৃষি, ক্ৰীড়া,  হস্ততাঁত বয়নশিল্প, মীন পালন, পশুপালন আদিকো সামৰি লৈছোঁ’৷ আমি কৰ্মসংস্কৃতি সৃষ্টি কৰিলেহে সংস্কৃতিবান হ’ব পাৰিম বুলি তেওঁ দোহাৰে৷ ইয়াৰ পাছতে আদী উকুম বা ঘৰ উদ্বোধন কৰে আদী-মিচিং বাঃনৗ কৗবাঙৰ সচিৱ প্ৰধান অকম য়চুঙে৷

গাল’ উকুম উদ্বোধন কৰে গাল’-মিচিং সমন্বয়ক সমিতিৰ সভাপতি কেনয়ম দাবিয়ে৷ মিচিং উকুম চাংগত কৰে মিচিং বাঃনৗ কৗবাঙৰ সচিৱ ৰাজু মেদকে৷ বয়নশিল্পৰ দ্বাৰ মুকলি কৰে পৰম্পৰাগত থলুৱা সুতাৰ বিশেষজ্ঞ অনুৰাধা কুলিয়ে৷ ১১-৪০ বজাত শিল্পী গাঁও দ্বাৰ মুকলি কৰে সোণালী জয়ন্তী আৰু যুৱ মহোৎসৱৰ কাৰ্যকৰী সভাপতি মোহন গগৈয়ে৷ কৃষি মেলাৰ দ্বাৰ মুকলি কৰে ধেমাজি জিলাৰ উপায়ুক্ত আছিম কুমাৰ ভট্টাচাৰ্যই। 

তানি ৰৗঙাম আলোচনা সত্ৰৰ দ্বাৰ মুকলি কৰে ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঁঞাই৷ সন্ধিয়ালৈ বন্তি প্ৰজ্বলন,  আদৰণি ভাষণ আৰু পৰম্পৰাগত সংগীত বাদনৰ কাৰ্যসূচী অনুষ্ঠিত হয়৷ উল্লেখনীয় যে গোগামুখ চুমনিৰ প্ৰায় ৪০০ বিঘা ভূমিত টি এম পি কেৰ সোণালী জয়ন্তী আৰু অষ্টম মিচিং যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে৷ অনুষ্ঠান দুটাৰ সকলোবোৰ নিৰ্মাণ কাৰ্য বাঁহ-বেতেৰে নিৰ্মাণ কৰাৰ বিপৰীতে প্লাষ্টিক বৰ্জিত পৰিৱেশ তৈয়াৰ কৰিছে৷

Leave A Reply