Breaking

‘গোমুত্ৰ মানুহৰ বাবে ভাল নহয়’! গৰুৰ প্ৰস্ৰাৱতকৈ ম’হৰ প্ৰস্ৰাৱ অধিক ফলপ্ৰসূ…

0 81

‘গোমুত্ৰ মানুহৰ বাবে ভাল নহয়’, এক প্ৰতিবেদনে দাবী কৰিছে এই কথা। ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানত পি এইচ ডি কৰা ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ গৱেষণা প্ৰতিবেদনত দাবী কৰিছে যে গৰুৰ প্ৰস্ৰাৱতকৈ ম’হৰ প্ৰস্ৰাৱ অধিক ফলপ্ৰসূ। গৰুৰ প্ৰস্ৰাৱত অধিক বেক্টেৰিয়া থাকে। ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানে দাবী কৰিছে যে গৰুৰ প্ৰস্ৰাৱত সম্ভাৱ্য ক্ষতিকাৰক বেক্টেৰিয়া থাকিব পাৰে যি সেৱন কৰিলে মানুহৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। এক গৱেষণা প্ৰতিবেদনত দাবী কৰিছিল যে যিকোনো ব্যক্তিয়ে পোনপটীয়াকৈ গৰুৰ প্ৰস্ৰাৱ খোৱাৰ পৰা বিৰত থাকিব লাগে, নহ’লে অসুস্থ হোৱাৰ সম্ভাৱনা।

এই গৱেষণা প্ৰতিবেদনত গৰুৰ প্ৰস্ৰাৱতকৈ ম’হৰ প্ৰস্ৰাৱ অধিক ফলপ্ৰসূ বুলি দাবী কৰা হৈছে। আইভিআৰআইৰ পি এইচ ডি ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰতিষ্ঠানটোৰ ভোজ ৰাজ সিঙৰ নেতৃত্বত চলা এই অধ্যয়নত দেখা গৈছে যে গৰু আৰু ম’হৰ প্ৰস্ৰাৱত ইস্কেৰচিয়া কলাইৰ উপস্থিতিৰ সৈতে প্ৰায় ১৪ প্ৰকাৰৰ ক্ষতিকাৰক বেক্টেৰিয়া থাকে যিয়ে পেটৰ সংক্ৰমণৰ কাৰণ হ’ব পাৰে, গতিকে ইয়াৰ পৰা আঁতৰি থকা উচিত।

গৱেষকে লগতে দাবী কৰে যে গৰুৰ প্ৰস্ৰাৱ এন্টিবেক্টেৰিয়েল বুলি কোৱা হয় যদিও এই কথা সঁচা নহয়।

Leave A Reply