Breaking

লিডুত অসম ক্ষুদ্ৰ-বিত্তীয় উদগণি আৰু সাহায্য আঁচনিৰ চেক বিতৰণ অনুষ্ঠানৰ শুভ উদ্ধোধন

0 29

আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুত অসম ক্ষুদ্ৰ-বিত্তীয় উদগণি আৰু সাহায্য আঁচনিৰ চেক বিতৰণ অনুষ্ঠানৰ শুভ উদ্ধোধন। ডিগবৈ সমষ্টিৰ তিনিখন আৰু মাৰ্ঘেৰিটা সমষ্টিৰ ১৩খন গাঁও পঞ্চায়তৰ প্ৰায় ৪৫০০ হিতাধীকাৰিক আজি চেক প্ৰদান কৰা হয়।


উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ আৰ্থিক ভাৱে দুৰ্বল যি সকল মহিলাৰ বন্ধন বেংক ঋণ মাফ কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়াই পূৰণ কৰাৰ উদ্দেশ্যৰে আজি এই শোভ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অসমত প্ৰায় বাৰ হেজাৰ কোটি টকাৰ এক বৃহৎ ঋণ মাফ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন লাভ কৰে মূখ্য মন্ত্ৰীয়ে। যি সকল মহিলায় নিয়মীতভাৱে বন্ধন বেংক ঋণ পৰিশোধ কৰি আহিছে সেই সকল মহিলাকেই আজি এই অনুষ্ঠানত চেক প্ৰদান কৰা হয়।


আজিৰ এই অনুষ্ঠানত মূখ্য অতিথি ৰূপে উপস্থিত থাকে ডিগবৈ সমষ্টিৰ বিধায়ক সূৰেন ফুকন, লগতে মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ বিষয়া উৰ্বশী চেতিয়া, আঞ্চলিক পঞ্চায়ত সদস্য সুখদেব শৰ্মা, জিলা পৰিষদ সদস্য দিবাকৰ ঠাকুৰ, পঞ্চায়তৰ সভাপতি-সভানেত্ৰীকে ধৰি বহু গণ্য-মাণ্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply