Breaking

মাজুলীৰ তিনি বিদ্যালয়ত বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ শুভ উদ্ধোধন

0 2,040

নুমলীগড় শোধনাগাৰৰ সৌজন্যত স্বেচ্ছাসেৱী অনুষ্ঠান “টিপকাই”ৰ সহযোগত নিৰ্মাণ কৰা বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ আজি মাজুলীৰ তিনিখন বিদ্যালয়ত আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰা হয় ৷ মধ্য মাজুলী পাৰিজাত উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত আয়োজিত এক চমু অনুষ্ঠানত গড়মূৰ পীতাম্বৰদেৱ গোস্বামী কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ঘন নাথে বিদ্যালয়খনৰ বিশুদ্ধ পানী যোগান আঁচনিৰ ফিটাকাটি শুভ উদ্ধোধন কৰে ৷ পানী যোগান আঁচনিৰ শুভ উদ্ধোধন কৰি নাথে -ইয়াৰ জৰিয়তে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকগোট উপকৃত হ’ব বুলি উল্লেখ কৰে আৰু ইয়াৰ সৎ ব্যৱহাৰৰ ওপৰত গুৰত্ব আৰোপ কৰে ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰমানন্দ বৰাই আঁত ধৰা অনুষ্ঠানত স্বেচ্ছাসেৱী সংগঠন টিপকাইৰ প্ৰকল্প সঞ্চালক ভাস্বতী বৰুৱা আৰু লয়না গাৰ্গ , বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দীপ ভূঞা , জেষ্ঠ সাংবাদিক উৎপল কাকতি , সহ-শিক্ষকদ্বয় অনিল চন্দ্ৰ ভাগৱতী প্ৰমুখ্যে কেইবাগৰাকী শিক্ষক , কৰ্মচাৰী উপস্থিত থাকে ৷ ইয়াৰ পূৰ্বে নুমলীগড় শোধনাগাৰৰ সৌজন্যত টিপকাইৰ সহযোগত নিৰ্মাণ কৰা বিশুদ্ধ পানী যোগান আঁচনি ক্ৰমে চেলেক জনজাতি হাইস্কুল আৰু কৰতিপাৰ হাইস্কুলত বিদ্যালয়ৰ পৰিয়ালৰ সেৱাৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় ৷ অনুষ্ঠানত বিদ্যালয় দুখনৰ প্ৰধান ক্ৰমে অনিল শইকীয়া আৰু  জগন্নাথ পেগু প্ৰমুখ্যে কৰ্মচাৰীসকল উপস্থিত থাকে ৷

Leave A Reply