Breaking

সুখবৰঃ অতি শীঘ্ৰেই প্ৰকাশ পাব অসম চৰকাৰৰ ৩২,০০০ চাকৰিৰ বিজ্ঞাপন

0 196

পুনৰ ওলাইছে চৰকাৰী চাকৰি। ১ লাখ নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে পুনৰ ঘোষণা কৰিছে চৰকাৰী চাকৰিৰ কথা। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মঙলবাৰে এই বিষয়ে টুইটযোগে জনোৱা হয়৷

টুইটটোত কয় যে, পুনৰ ৩২ হাজাৰ যুৱক-যুৱতীক চাকৰি দিব ৰাজ্য চৰকাৰে। ১০ ছেপ্টেম্বৰৰ ভিতৰত মুকলি কৰা হ’ব বিজ্ঞাপন।

নিৰ্ধাৰণ কৰি দিয়া তাৰিখ ১০ ছেপ্টেম্বৰত গৃহ বিভাগত ৪,০৯৭টা, স্বাস্থ্য বিভাগত ৫,১০৫টা, শিক্ষা বিভাগত ১০,২৯৯টা, পঞ্চায়ত আৰু গ্ৰামোন্নয়নত ১,১৭৬টা, তৃতীয় বৰ্গত ৭,০৭৩টা, চতুৰ্থ বৰ্গত ৪,৯৩৯ টাসহ মুঠ ৩২,৬৮৯টা পদত বিজ্ঞাপন দিয়া হয়।

উল্লেখ্য, ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰতিশ্ৰুতি অনুসৰি বহু হাজাৰ পদত নিবনুৱা যুৱক–যুৱতীক নিযুক্তি দিছে। এতিয়া পুনৰ নিযুক্তিৰ বিজ্ঞাপনে স্বাভাৱিকতে চাকৰি প্ৰত্যাশীসকলৰ মনত আশাৰ সঞ্চাৰ কৰিছে।

Leave A Reply