Breaking

ভাল খবৰ! তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব অসম সন্তান ন্যায়াধীশ উজ্বল ভূঞা

0 1,096

অসমবাসীৰ বাবে এক সু-খবৰ।তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব অসম সন্তান ন্যায়াধীশ উজ্বল ভূঞ। ১৯৬৪ চনত গুৱাহাটীত জন্মগ্রহণ কৰা ন্যায়াধীশ উজ্বল ভূঞাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এলএলএম ডিগ্রী গ্ৰহণ কৰিছিল। তাৰ পিচত ১৯৯১ চনত তেওঁ গুৱাহাটীৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহৰ বাৰ কাউন্সিলৰ সৈতে জড়িত হৈছিল।২০১১ চনত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু ২০১৯ চনত তেওঁ ব’ম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব গ্রহণ কৰে।

২০২১ চনৰ অক্টোবৰ মাহত তেলেংগানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰিছিল ন্যায়াধীশ উজ্বল ভূঞাই।তেলেংগানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তথা অসম সন্তান উজ্বল ভূঞাক ন্যায়ালয়খনৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ বাবে পৰামৰ্শ আগবঢ়াইছে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে।

Leave A Reply