Breaking

ফুটবলপ্ৰেমীৰ বাবে আহিল সুখবৰ : ২০২১ চনৰ ১৭ ফেব্ৰুৱাৰীৰ পৰা মহিলা বিশ্ব কাপ ফুটবল ভাৰতত

0 78

অনলাইন বাৰ্তা

ভাৰতীয় ফুটবলপ্ৰেমীৰ বাবে আহিল সুখবৰ৷ এবছৰ বাতিল হ’লেও ১৭ বছৰ অনুৰ্দ্ধ মহিলা বিশ্ব কাপ ফুটবল অহা বছৰ ভাৰতত অনুষ্ঠিত হ’ব৷ আজি এই টুৰ্ণামেণ্টৰ নতুন দিন ঘোষণা কৰিলে আয়োজকে৷ এই প্ৰসংগত জনায় যে এই টুৰ্ণামেণ্টখন ভাৰতীয় মহিলা ফুটবলৰ এক উপযুক্ত মঞ্চ হৈ ৰ’ব৷ উল্লেখ্য যে তিনি বছৰৰ আগেয়ে ভাৰতৰ মাটিত ১৭ বছৰ অনুৰ্দ্ধ পুৰুষৰ বিশ্ব কাপ ফুটবল ভাৰতত সফলভাৱে অনুষ্ঠিত হৈছিল৷ এইবাৰ ফিফাই ১৭ বছৰ অনুৰ্দ্ধ মহিলা বিশ্ব কাপ আয়োজনৰ দায়িত্ব দিলে৷ চলিত বছৰৰ নৱেম্বৰত এই টুৰ্ণামেণ্টখন অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু ক’ৰোনা আতংকৰ বাবে ফুটবল খেলুৱৈৰ নিৰাপত্তাৰ খাতিৰত এই বিশ্ব কাপ বাতিল কৰা হয়৷ আজি জনোৱা হ’ল অহা বছৰ অৰ্থাৎ ২০২১ চনৰ ১৭ ফেব্ৰুৱাৰীৰ পৰা এই বিশ্ব কাপ আৰম্ভ হ’ব৷ আনহাতে ৭ মাৰ্চত এই মহিলা বিশ্ব কাপ শেষ হ’ব৷ ইয়াৰ লগতে কয় যে ইউয়েফা কাপ, এএফচি, কনকাফেৰ দৰে মহাদেশীয় ফুটবল কাউঞ্চিলবোৰে যোগ্যতা অৰ্জনৰ খেল আয়োজন কৰিব৷ তাৰ পৰাই আশা কৰিব পৰা যায় যে তেতিয়ালৈ ভাৰতৰ পৰিস্থিতি এতিয়াৰ তুলনাত ভাল হৈ যাব৷

Leave A Reply