Breaking

ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ ! সৰ্বভাৰতীয় পৰ্যায়ত পুনৰ স্থান লাভ অসম দলৰ…

0 28

ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ ৷ সৰ্বভাৰতীয় পৰ্যায়ত পুনৰ স্থান লাভ অসম দলৰ ৷পাঞ্জাৱত অনুস্থিত হোৱা সৰ্বভাৰতীয় পৰ্যায়ত ৰাজ্যৰ ২৪ টাকৈ দলে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত৷কেইবাটাও দলক পৰাজিত কৰি পাঞ্জাৱ দলৰ সতে ফাইনেল খেলি তৃতীয় স্থান দখল কৰে অসম দলটোৱে ৷

২৪ টাকৈ দলৰ সতে প্ৰতিযোগিতাত অবতীৰ্ণ হৈ প্ৰথমবাৰৰ বাবে ব্ৰঞ্জপদকেৰে সুনাম আজুৰিলে অসম চেষ্টোবল দলটিয়ে ৷ দলটিৰ পৰিচালক তথা অসম চেষ্টোবল সংস্থাৰ সভাপতি ডা° আক্ৰামুল হক, উপ: সভাপতি তথা নগাঁও গোপীনাথদেৱ বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মৃগাংক শইকীয়া আৰু

প্ৰশিক্ষক আজাদ শইকীয়াৰ প্ৰশিক্ষণত তথা অসমবাসীৰ আৰ্শীবাদত দ্বিতীয়বাৰৰ বাবে অনুস্থিত হোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ চেষ্টোবল প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰাৰ বাবে সকলোৱে অভিনন্দন জ্ঞাপন কৰিছে৷ দলটি ২১ ডিচেম্বৰত উপস্থিত হ’ব অসমত৷

Leave A Reply