Breaking

সাংস্কৃতিক জগতলৈ সু-খবৰ ! MARCHE DU FILM- Festival De Cannesত অনলাইনযোগে বিশেষ প্ৰদৰ্শনী হ’ব শিশু অভিনেত্ৰী কেথৰিন ধলুৱা অভিনীত জনসমাদৃত বোলছবি ‘মুঝে স্কুল নেহি জানা’…

0 34

ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ নিৰ্মাণ কৰা ‘মুঝে স্কুল নেহি জানা’ হিন্দী বোলছবিখন এইবাৰ MARCHE DU FILM- Festival De Cannesত অহা ১৬ মে তাৰিখে বিয়লি ৪ বজাত অনলাইনযোগে বিশেষ প্ৰদৰ্শন কৰা হ’ব। অসমৰ জনপ্ৰিয় শিশু অভিনেত্ৰী কেথৰিন ধলুৱা অভিনীত ছবিখনে ইতিমধ্যে ১৫০ টাৰো অধিক ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।

NBDK প্ৰডাকচনৰ নিবেদনত নিৰ্মাণ কৰা এই ছবিখনৰ কাহিনী আৰু পৰিচালনা নিপন ধলুৱাৰ, প্ৰযোজনা বৰ্ণালী ধলুৱাৰ। ছবিখনত অভিনয় কৰিছে কেথৰিন ধলুৱা, চনিকা চোপ্ৰা, ৰশ্মি গুপ্তা, মাধুৰিমা চৌধুৰী, ৰিয়া শ্বিধৱানী, মৌ মন, দিচান ধলুৱা আদিয়ে। ছবিখনৰ গীতত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী ড° জছপিন্দৰ নোৰেলা আৰু দিচান ধলুৱাই, সংগীত কৰিছে বিভূতি গগৈয়ে।

উল্লেখ্য যে, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হোৱা এই ছবিখন ১০, ১১, ১২ মে তাৰিখে বাবাচাহেব ড° বি.আৰ.আম্বেদকাৰ ফিল্ম ফেষ্টিভেলতো প্ৰদৰ্শন কৰা হ’ব। বিভিন্ন ঠাইৰ প্ৰকৃতিৰ নান্দনিক পৰিৱেশত চিত্ৰগ্ৰহণ কৰা “মুঝে স্কুল নেহি জানা” ছবিখনৰ জৰিয়তে দৰ্শকে এক সুন্দৰ বাৰ্তা লাভ কৰিবলৈ সক্ষম হ’ব বুলি পৰিচালক নিপন ধলুৱাই জানিব দিয়ে।

Leave A Reply