Breaking

অসমবাসীৰ বাবে ভাল খবৰ; ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ ‘এইদ দি কেম্প’ (এডিচি) পদত নিযুক্ত হৈছে এজন অসমীয়া যুৱক…

0 45

অসমবাসীৰ বাবে ভাল খবৰ; ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ ‘এইদ দি কেম্প’ (এডিচি) পদত নিযুক্ত হৈছে এজন অসমীয়া যুৱক। অলপতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অসম ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতিৰ লগত ছাঁৰ দৰে লাগি থকা এ ডি চি পদত নিযুক্ত এই যুৱক জনৰ নাম অবিনাশ চেত্ৰী। তিনিচুকীয়া জিলাৰ শদিয়া অঞ্চলৰ বাসিন্দা তথা ভাৰত চৰকাৰৰ এচ আই বিৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপ সঞ্চালক পূৰ্ণ বাহাদুৰ চেত্ৰী আৰু অঞ্জনা চেত্ৰীৰ বৰপুত্ৰ মেজৰ অবিনাশ চেত্ৰী।

উল্লেখ্য যে, অসম মাতৃৰ সুযোগ্য এই সন্তান গৰাকীয়ে ২০১৬ চনত পুণেস্থিত নেশ্যনেল ডিফেন্স একাডেমীৰ দীক্ষান্ত সমাৰোহত ৰাষ্ট্ৰপতিৰ স্বৰ্ণ পদক সহ শ্ৰেষ্ঠ কেডেটৰ এক বিৰল সন্মান লাভ কৰিছিল। এই সন্মান লাভ কৰা তেওঁ হৈছে প্ৰথমগৰাকী অসম সন্তান। ভাৰতীয় বায়ুসেনা বিভাগত বিষয়া হিচাবে যোগদান কৰাৰ অদম্য সপোন লৈ নেশ্যনেল ডিফেন্স একাডেমীত ভৰ্তি হোৱা এই যুৱক জনে পৰবৰ্তী পৰ্যায়ত বায়ুসেনাৰ পৰিৱৰ্তে ভাৰতীয় সেনাত যোগদান কৰাৰ বাবে মন বান্ধি লয় আৰু ২০১৭ চনৰ ১০ জুনৰ দিনা ডেৰাদুনস্থিত ইণ্ডিয়ান মিলিটেৰী একাডেমীৰ দীক্ষান্ত সমাৰোহত ‘সন্মানজনক তৰোৱাল সহ পুনৰ স্বৰ্ণ পদ’ক লাভ কৰা প্ৰথমজন অসম সন্তানৰ বিৰল সন্মান লাভ কৰে। তদানীন্তন সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱতে নিজ হাতে তেওঁক এই সন্মানজনক তৰোৱাল আৰু স্বৰ্ণ পদক প্ৰদান কৰিছিল।

এই অনুষ্ঠানত অবিনাশ চেত্ৰীৰ পিতৃ মাতৃৰ লগতে দৰঙৰ জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাস উপস্থিত আছিল। নেশ্যনেল ডিফেন্স একাডেমীত শ্ৰেষ্ঠ কেডেট হিচাবে ৰাষ্ট্ৰপতিৰ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈ সন্মানজনক দুয়োখন একাডেমীত এক বিৰল অভিলেখ ৰচি জিলিকি উঠা এইগৰাকী সুযোগ্য অসম সন্তানেই ছয়টি বছৰ পিছত ৰাষ্ট্ৰপতিৰ ‘এইদ দি কেম্প’ (এ ডি চি) হিচাবে ৰাষ্ট্ৰপতি ভৱনত কৰ্তব্যত যোগদান কৰা দ্বিতীয় গৰাকী অসম সন্তান হিচাপে আন এক বিৰল সন্মান লাভ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখ্য যে, ১৯৭৯ – ১৯৮১ চনলৈ বায়ু সেনাৰ ফ্লাইট লেফটেনেণ্ট অতুল শইকীয়া ৰাষ্ট্ৰপতিৰ এডিচি পদত নিযুক্ত প্ৰথম অসমীয়া আছিল। এইজন অসম সন্তান পিছলৈ বায়ুসেনাৰ ভাইছ মাৰ্শ্বেল হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

লেখক – গণেশ দত্ত

Leave A Reply