Breaking

সুখবৰ! গুৱাহাটী চাহ নিলাম কেন্দ্ৰত দুবছৰত বিক্ৰী ৭,৫০০ কোটি টকাৰ চাহ…

0 2,094

দুবছৰত গুৱাহাটী চাহ নিলাম কেন্দ্ৰত বিক্ৰী হ’ল ৭,৫০০ কোটি টকাৰো অধিক মূল্যৰ অসমৰ চাহ৷ গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ তথ্য অনুসৰি, ২০২০-২১ বৰ্ষত গুৱাহাটী চাহ নিলাম কেন্দ্ৰত মুঠ ১৮২.৯৮ নিযুত কিলোগ্ৰাম চাহ বিক্ৰী হৈছিল৷ আনহাতে ২০২১-২২ বৰ্ষত ফেব্ৰুৱাৰীলৈকে চাহ নিলাম কেন্দ্ৰত ১৭৭.৮৭ নিযুত কিলোগ্ৰাম বিক্ৰী হৈছিল। একেদৰে, ২০২০-২১ বৰ্ষত ক’ভিড-১৯এ জুৰুলা কৰা বৰ্ষতো গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ৪,১২৭ কোটি টকাৰ চাহ বিক্ৰী কৰা হৈছিল আৰু ২০২১-২২ বৰ্ষৰ ফেব্ৰুৱাৰীলৈকে ৩,৩২০ কোটি টকাৰ চাহ বিক্ৰী কৰা হৈছে।
গুৱাহাটী চাহ নিলাম ক্ৰেতা সংস্থাৰ সম্পাদক দীনেশ বিহানীয়ে সংবাদ মাধ্যমৰ সন্মুখত কৰা মন্তব্য অনুসৰি, বিগত দুবছৰত গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ৭৫০০ কোটি টকাৰো অধিক মূল্যৰ চাহ বিক্ৰী কৰা হৈছিল।

তেওঁ লগতে কয়, ক’ভিড-১৯ মহামাৰী কালৰ আগতে, ২০১৯-২০ বৰ্ষত চাহ নিলাম কেন্দ্ৰৰ মুঠ টাৰ্ণঅ’ভাৰ আছিল ২,৭৯০ কোটি টকা আৰু চাহ গড় মূল্য ১৩৯.০৭ টকাত বিক্ৰী কৰা হৈছিল।ক’ভিড-১৯ মহামাৰী কালত, গড় মূল্য ২২৫.৫৫ টকাত গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ১৮২.৯৮ নিযুত কিলোগ্ৰাম চাহ বিক্ৰী কৰা হৈছিল। উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ১৪ ফেব্ৰুৱাৰীত গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰাম ৯৯,৯৯৯ টকাৰ অভিলেখ মূল্যত অসমৰ এটা বিশেষ চাহ ‘মনোহাৰী গোল্ড টী’ বিক্ৰী কৰা হৈছিল৷

Leave A Reply