Breaking

গুগল ডুডলে শুভেচ্ছা জনালে ভাৰত-অষ্ট্ৰেলিয়াক…

0 47

আই চি চি বিশ্বকাপ ২০২৩ৰ ফাইনেলঃ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ ফাইনেল খেলৰ প্ৰস্তুতি সম্পূৰ্ণ। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই মেচখনলৈ গুগলেও জনাইছে শুভেচ্ছা।

গুগলে নিজৰ ডুডলৰ জৰিয়তে চূড়ান্ত মেচ সন্দৰ্ভত বিশেষ বাৰ্তা দিছে। ইয়াত গুগলৰ দ্বিতীয় ‘অ’ক বিশ্বকাপৰ আকৃতি দিয়া হৈছে। আনহাতে বাকী আখৰবোৰ খেলুৱৈৰ ৰেংকিঙৰ দৰে সজাই তোলা হৈছে। গুগলৰ এলক বেটৰ ৰূপ দিয়াৰ বিপৰীতে ষ্টেডিয়াম আৰু উইকেটৰ সৈতে ক্ৰীড়াৰ দৃশ্য পটভূমিত দেখা গৈছে।

ইয়াৰ ডুডলৰ বিষয়ে ব্যাখ্যা কৰি গুগলে কয় যে আজিৰ ডুডলে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা ২০২৩ চনৰ আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ উদযাপন কৰে। গুগলে আৰু কয়, “এইবাৰ ভাৰতে আফগানিস্তান, অষ্ট্ৰেলিয়া, বাংলাদেশ, ইংলেণ্ড, ভাৰত, নেদাৰলেণ্ড, নিউজিলেণ্ড, পাকিস্তান, দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকাকে ধৰি দহটা জাতীয় দলৰ আতিথ্য প্ৰদান কৰিছিল। এতিয়া চূড়ান্ত মেচলৈ আহিছে। চূড়ান্ত প্ৰতিযোগীসকলক শুভেচ্ছা! ” “


Leave A Reply