Breaking

গুগল ডুডলে সৌৰশক্তিৰ প্ৰথম পথ প্ৰদৰ্শকসকলৰ ভিতৰত অন্যতম মাৰিয়া টেলকেছক স্মৰণ…

0 81

গুগল ডুডলে সৌৰশক্তিৰ প্ৰথম পথ প্ৰদৰ্শকসকলৰ ভিতৰত অন্যতম মাৰিয়া টেলকেছক উদযাপন কৰে।
১৯৫২ চনৰ আজিৰ দিনটোতে ডাঃ টেলকেছে প্ৰথমে দ্য ছ’চাইটি অৱ উইমেন ইঞ্জিনিয়াৰ্ছ এচিভমেণ্ট বঁটা লাভ কৰিছিল। ডাঃ টেলকেছক দ্য ছান কুইন হিচাপেও স্মৰণ কৰা হয়।

আজিৰ গুগল ডুডল সৌৰশক্তিৰ প্ৰথম পথ প্ৰদৰ্শক ড০ মাৰিয়া টেলকেছৰ নামত উৎসৰ্গিত কৰা হৈছে।  বিশ্বাস কৰিছিল যে সূৰ্য্যৰ শক্তিয়ে মানুহৰ জীৱন সলনি কৰিব পাৰে, আৰু তাই ঠিকেই কৈছিল! ১৯৫২ চনৰ আজিৰ দিনটোতে ডাঃ টেলকেছে প্ৰথমে দ্য ছ’চাইটি অৱ উইমেন ইঞ্জিনিয়াৰ্ছ এচিভমেণ্ট বঁটা লাভ কৰে।এই ডুডলে তেওঁৰ জীৱন আৰু অৱদানক উদযাপন কৰে।

১৯০০ চনত হাংগেৰীৰ বুডাপেষ্টত জন্মগ্ৰহণ কৰা ড° টেলকেছে বুডাপেষ্টৰ ইঅ’টভছ ল’ৰাণ্ড বিশ্ববিদ্যালয়ত ভৌতিক ৰসায়ন বিজ্ঞান অধ্যয়ন কৰিছিল। ১৯২০ চনত বি এ ডিগ্ৰী লাভ কৰি ১৯২৪ চনত পি এইচ ডি লাভ কৰাৰ পিছত পিছৰ বছৰত আমেৰিকালৈ গুচি যায় আৰু জৈৱ পদাৰ্থবিজ্ঞানী হিচাপে পদ গ্ৰহণ কৰে। ১৯৩৭ চনত তেওঁ আমেৰিকাৰ নাগৰিক হয়।

ড° টেলকেছে মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (এম আই টি)ত সৌৰ শক্তি সমিতিৰ সদস্য হিচাপে কাম কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকা চৰকাৰে তেওঁক সাগৰৰ পানীক মিঠা পানীলৈ ৰূপান্তৰিত কৰা সৌৰ ডিষ্টিলাৰ নিৰ্মাণত সহায় কৰিবলৈ আহ্বান জনাইছিল। এই জীৱন ৰক্ষাকাৰী উদ্ভাৱন প্ৰশান্ত মহাসাগৰীয় থিয়েটাৰত নিয়োজিত সৈনিকসকলে ব্যৱহাৰ কৰিছিল।

Leave A Reply