Breaking

সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ গোসাইগাঁও জিলা সমিতি গঠন

0 636

গোসাইগাঁও মহকুমাৰ শিমুলটাপুত ৰাজহুৱা ভৱনত শনিবাৰে সদৌ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশনৰ গোসাইগাঁও জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা সাধাৰণ সভাখনত সভাপতিত্ব কৰে সংগঠনটো মূখ্য উপদেষ্টা মুণ্টু দে। উক্ত সভাতে ফেডাৰেছনৰ গোসাইগাঁও জিলা সমিতিখন ভংগ কৰি সভাতে সৰ্বসন্মতি ক্ৰমে কমল ঘোষক সভাপতি আৰু মিঠুন সৰকাৰক সাধাৰণ সম্পাদক হিচাপে ২১ জনীয়া সদস্যৰে সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ গোসাইগাঁও জিলা সমিতিখন গঠন কৰা হয়৷

সভাত শ্ৰীৰামপুৰ সমষ্টিৰ এম চি এল এয়ে সজল কুমাৰ সিংহয়ে কয় যে ছাত্ৰ সংগঠন সমূহ ৰাজনীতিৰ পথাৰত ভৰি দিব নালাগে ৷ছাত্ৰ সংগঠনে নিৰপেক্ষ ভূমিকালৈ জাতীয় সমস্যা সমূহ চৰকাৰৰ দৃষ্টি নিবিদ্ধ কৰাৰ বাবে কাম কৰি যাব লাগিব ৷বাঙালী জাতিটো বুদ্ধিজীৱী জাতি সেয়ে বুদ্ধিমত্তাৰে কাম কৰি যাবলৈ ছাত্ৰ সংগঠনটোক আহ্বান জনায়।সভাত বি টি আৰৰ ই এম গৌতম দাস ,বি টি আৰৰ ডিপুটী ইচপিকাৰ অবিৰাম মহানায়ক ,ফেডাৰেছনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ,সম্পাদকে বাঙালী জাতিটোৰ বিভিন্ন সমস্যাৰাজীৰ ওপৰত আলোকপাত কৰি ভাষণ আগবঢ়ায়।

Leave A Reply