Breaking

গোসাইগাঁৱত এছএছবিৰ উদ্যোগত কুকুৰৰ প্ৰশিক্ষন…

0 1,034

সশস্ত্ৰ  সীমা বল চমুকৈ এছ এছ বিয়ে  অপৰাধিক আটক কৰাৰ লগতে মাদক দ্ৰব্য আৰু বিস্ফোটক সামগ্ৰি উদ্ধাৰৰ বাবে ব্যবহাৰ কৰা কুকুৰৰ প্ৰশিক্ষন তথা দক্ষতা মূল্যাংকন নিৰুপনৰ আজি সফল সামৰনি পৰে ৷ এছ এছ বিৰ  ফ্ৰন্টিয়াৰ গুৱাহাটীৰ অন্তৰ্গত আঠ টা বাহিনীৰ ১৭ টা কুকুৰ আৰু ২৪ গৰাকী কুকুৰ পৰিচালকে অংশ গ্ৰহন কৰে ৷ এই উপলক্ষে গোসাইগাঁও মহকুমাৰ মাটিয়াজুৰি স্থিত এছ এছ বিৰ ৩১ নম্বৰ বাহিনীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সামৰনি অনুষ্ঠানৰ আতধৰে এছ এছ বিৰ চিকিৎসক ড° ললিত দেউৰীয়ে ৷

অনুষ্ঠানত  উপস্থিত এছ এছ বিৰ চিকিৎসক ড° কে কে সিং,এছ কে মন্ডল,চি অ চিৰঞ্জীৱ ভট্টাচাৰ্জী,ড° টি টি হাটজা আৰু উপ নিৰ্দেশক দিব্যৰঞ্জন সিঙে মন্তব্য আগবঢ়ায় ৷ সামৰনি অনুষ্ঠানত  প্ৰশিক্ষনত ভাগ লোৱা কুকুৰ কেইটাই তেওলোকৰ পাৰদৰ্শিতা দেখুয়ায় ৷ বিগত ২১ মাৰ্চৰ পৰা আজি লৈকে চলা দহ দিনীয়া প্ৰশিক্ষত তথা দক্ষতা মূল্যাংকন নিৰুপনত শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰা কুকুৰ তথা পৰিচালকক পুৰস্কাৰ তথা মানপত্ৰ প্ৰদান কৰা হয় ৷

Leave A Reply