Breaking

ৰঞ্জন দৈমাৰীক আদালতে দিয়া ৰায়ৰ প্ৰতি ক্ষুদ্ধ হৈ স্তব্ধ গোসাইগাঁও মহকুমা

0 72

এন ডি এফ বিৰ স্বয়ম্ভু সেনাধ্যক্ষ ৰঞ্জন দৈমাৰীক ২০০ ৮ বৰ্ষৰ ৩০ অক্টোবৰত ৰাজ্যত ধাৰাবাহিক বোমা বিস্ফোৰণৰ লগত জড়িত থকাৰ অপৰাধত নিম্ন আদলতে যাবজ্জীৱন কৰা দণ্ডিত কৰে ৷আদালতৰ ৰায়ৰ প্ৰতি ক্ষুদ্ধ হৈ আজি ৰাতিপুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ২৪ ঘন্টীয়া অসম বন্ধৰ আহ্বান দিয়ে প্ৰাক্তন এন ডি এফ বিয়ে ৷

প্ৰাক্তন এন ডি এফ বিৰ ২৪ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱে গোসাইগাঁও মহকুমা স্তব্ধ হৈ পৰে ৷বন্ধৰ ফলশ্ৰুতিত মহকুমাখনৰ গোসাইগাঁও সদৰ চহৰকে ধৰি মহকুমাখনৰ শ্ৰীৰামপুৰ ,কচুগাঁও ,শিমুলটাপু ,ভাওৱৰাগুৰী অঞ্চলৰ হাট ,বজাৰ ,ব্যৱসায়িকক প্ৰতিষ্ঠান ,অফিচ ,আদালত ,বেংক ,ডাক সেৱা বন্ধ হৈ পৰে ৷

যাত্ৰীবাহী বাছ সৰু সৰু যান বাহনৰো চলাচল বন্ধ হৈ পৰে ৷অৱশ্যে ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথত মালবাহী ট্ৰাক চলাচল পৰিলক্ষিত হয় ৷

গোসাইগাঁৱৰ পৰা আজিজুল হক

Leave A Reply