Breaking

গোবৰ্ধণা আৰক্ষীয়ে আটক কৰিলে দুই ড্ৰাগছ সৰবৰাহকাৰী

0 1,573

কি উজনি, কি নামনি সমগ্ৰ ৰাজ্যজুৰি নৱ প্ৰজন্মৰ বৰবিহ স্বৰূপ  ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি অসম আৰক্ষীয়ে।বিগত এমাহ ধৰি এনে অভিযানৰ ফলত অসম আৰক্ষীৰ জালত বৰ্তমানৰলৈকে এক শতাধিক ড্ৰাগছ সৰবৰাহীক তথা সেৱনকাৰীক আটক কৰি কাৰাগাৰলৈ নিক্ষেপ কৰাৰ উপৰি ও কেইবাকোটিৰ মূল্যৰ ড্ৰাগছৰ লগতে  চিৰিঞ্ছ,কণটেইনাৰ নগদ ধনৱো আদি উদ্ধাৰ কৰি ড্ৰাগছ মুক্ত সমাজ ৰাজ্য গঢ়াৰ দিশে অসম আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী,সেৱনকাৰীৰ বিৰুদ্ধে দিনে-নিশাই অভিযান  অব্যাহত ৰাখিছে।ঠিক অনুৰূপ ধৰণে বাকসা আৰক্ষী অধীক্ষক সৎ,নিষ্ঠাৱান,দক্ষ বিষয়া ৰাজেন সিংঙৰ কঠোৰ নিৰ্দেশ মৰ্মে আজি পুৱা প্ৰায় ৫মান বজাত গোবৰ্ধণা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিত তালুকদাৰৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে গোপন সূত্ৰৰ ভিত্তিত ডুমৰুগুৰি অঞ্চলৰ পৰা এচ ০১ডিকে৯৭২৮ নম্বৰৰ এখন এলটো গাড়ীসহ দুই যুৱক ক্ৰমে পূৱ-ছাফাকামাৰ পুলক নাথ,হটাপাৰাৰ অনছুমা দৈমাৰীক আটক কৰে।আঠকাধীন দুই যুৱকৰ পৰা আৰক্ষীয়ে ৬.৫৯গ্ৰাম হিৰইন,১টা মবাইল হেন্ডচেট,১টা চিৰিঞ্ছ সহ নগদ ১৪ হেজাৰ ৬শ ৫০ টকা জব্দ কৰে‌।গোবৰ্ধণা আৰক্ষী থানাত আটকাধীন দুই ড্ৰাগছ সৰবৰাহকাৰী জেৰা অব্যাহত ৰাখিছে।উল্লেখযোগ্য যে বাকসা আৰক্ষীয়ে যোৱা ২৩ মেৰ পৰা বৰ্তমান লৈকে শিমলাগুৰি আৰক্ষী চকীৰ পৰা ৪ টা,শিমলা আৰক্ষী থানাৰ পৰা ৬টা ড্ৰাগছ সেৱনকাৰী তথা সৰবৰাহ কাৰীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।

Leave A Reply