Breaking

কৃষক বিদ্ৰোহত! ”সকলো সমস্যা সমাধান কৰাৰ বাবে প্ৰস্তুত চৰকাৰ” গৃহমন্ত্ৰী অমিত শ্বাহ

0 38

কিছুদিন পূৰ্বে চৰকাৰে কাৰ্যকৰী কৰা কৃষি আইন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰেৰে হেজাৰ হেজাৰ কৃষকে বিগত চাৰি দিনে প্ৰতিবাদ সাব্যস্ত কৰি আছিল । শীঘ্ৰে এই আইন উঠাই লোৱাৰ বাবেও প্ৰতিবাদী কৃষকসকলে দাবী জনাইছিল। কৃষকসকলে দিল্লীত প্ৰৱেশ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল ।প্ৰশাসনে প্ৰতিবাদী কৃষকসকলক দিল্লীত প্ৰৱেশ কৰাত বাধা দিছিল যদিও সেই বাধা নেওঁচি তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদ অব্যাহত ৰাখিছিল ।


শেহতীয়াভাৱে ৪ দিন ধৰি অব্যাহত থকা কৃষকসকলৰ প্ৰতিবাদৰ ওচৰত অৱশেষত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে । কৃষকৰ প্ৰতিবাদক গুৰুত্ব দিবলৈ বাধ্য হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শনিবাৰে বিয়লিৰ ভাগত এই সংক্ৰান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।


চৰকাৰ প্ৰতিবাদী কৃষকসকলৰ সৈতে আলোচনাৰ বাবে ৰাজি আছে বুলি মন্তব্য কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, ”মই প্ৰতিবাদী কৃষকসকলক আহ্বান জনাইছো তেওঁলোকৰ সৈতে আলোচনা কৰিবলৈ ভাৰত চৰকাৰ প্ৰস্তুত আছে। কৃষি মন্ত্ৰীয়ে তেওঁলোকক ৩ ডিচেম্বৰত আলোচনাৰ বাবে নিমন্ত্ৰণ কৰিছে। চৰকাৰে সকলো সমস্যা সমাধান কৰাৰ বাবে প্ৰস্তুত আছে। কৃষকসকলৰ দাবী মানি লবলৈও প্ৰস্তুত আছো।”

Leave A Reply