Breaking

নগাঁৱত ধোৱাচাঁঙত চৰকাৰী বিধি ; মানুহে পাহৰিলে মাস্ক-সামাজিক দুৰত্ব

0 1,233

নগাঁও,২৬ নবেম্বৰ : সমগ্ৰ বিশ্বতে পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে ক’ৰোণাই। তিনিদিনৰ ভিতৰতে সমগ্ৰ বিশ্বত ১কোটি লোক আক্ৰান্ত হৈছে ক’ৰোণাত। অৱশ্যে অসমত এতিয়ালৈকে ক’ৰোণাৰ পৰা আৰোগ্যৰ ক্ষেত্ৰত ভাৰতৰ অন্য ৰাজ্যতকৈ অৱস্থা যথেষ্ট সন্তোষজনক। কিন্তু ক’ৰোণাৰ স্থিতি পূৰ্বতকৈ ভাল হোৱাৰ লগে লগে অসমৰ মানুহে যেন পাহৰি পেলাইছে সাৱধানতাৰ কথা। চৰকাৰে বাৰে বাৰে ভেকচিন বজাৰলৈ নহা পৰ্য্যন্ত সামাজিক দূৰত্বৰ দিশটোক অৱহেলা নকৰিবলৈ ৰাইজক অনুৰোধ জনাইছে যদিও অধিকাংশ লোকেই মনা নাই এই নিয়ম। ক’ৰোণাত অসমৰ সৰ্বাধিক আক্ৰান্ত জিলা সমূহৰ ভিতৰত নগাঁও জিলা অন্যতম। কিন্তু চৰকাৰ আৰু জিলা প্ৰশাসনৰ তৎপৰতাৰ বাবে নগাঁৱৰ তীব্ৰ গতিত হ্ৰাস পাইছে ক’ৰোণাত আক্ৰান্তৰ সংখ্যা। কালি দিনটোত হোৱা পৰীক্ষাত মাত্ৰ এজন ব্যক্তিৰ দেহতহে ধৰা পৰিছে ক’ৰোণাৰ সংক্ৰমণ। নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভনে সংবাদ মাধ্যমক জনোৱা অনুসৰি জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত বৰ্তমান জিলাখনৰ মুঠ জনসংখ্যাৰ মুঠ ১শতাংতকৈও কম লোক ক’ৰোণাত আক্ৰান্ত হৈ আছে। কিন্তু দিন বাগৰাৰ লগে লগে মানুহে পাহৰিছে সাৱধানতাৰ কথা। সেয়ে ক’ৰোণাৰ সংক্ৰমণ যাতে পুনত ভয়াবহ হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ কঠোৰ হৈছে জিলা প্ৰশাসন। আজিৰে পৰা ৰাজপথত নগাঁও জিলা প্ৰশাসনে আৰক্ষীক লগত লৈ আৰম্ভ কৰিছে মাস্ক পৰিধান নকৰা ব্যক্তি সকলৰ বিৰুদ্ধে অভিযান। নগাঁও জিলা উপায়ুক্ত কবিথা পদ্মনাভনে জিলাখনৰ ৰাইজক সজাগতাৰ দিশসমূহ কঠোৰ ভাৱে পালন কৰাৰ বাবেও সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাই।

Leave A Reply