Breaking

চৰকাৰী আঁচনিৰ সহায়ত দৰিদ্ৰ মহিলাও হ’ল গাড়ীৰ গৰাকী

0 1,036

 বৰপেটা জিলাৰ চকচকা আৰু সৰুক্ষেত্ৰীৰ পিছত আজি চেঙা উন্নয়ন খণ্ডৰ অধীনতো এগৰাকী হিতাধিকাৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ আজীৱিকা গ্ৰামীণ এক্সপ্ৰেছ যোজনাৰ অধীনত সুদ বিহীন ঋণত এখন সৰু মালবাহী গাড়ী লাভ কৰিবলৈ সক্ষম হৈছে। বহৰিৰ আৰোহন মণ্ডল সংগঠনে আজীৱিকা গ্ৰামীণ এক্সপ্ৰেছ যোজনাৰ কোভিড সাহাৰ্য আচনিৰ অধীনত লাভ কৰা ৩.৫০ লাখ টকাৰ এককালিন অনুদানৰ ধনেৰে বহৰিৰ চৌধুৰীপাৰাৰ “শ্ৰী কৃষ্ণ” আত্ম সহায়ক গোটৰ সদস্যা হিমাশ্ৰী ৰাই চৌধুৰীক আজি আনুষ্ঠানিকভাৱে এখন মালবাহী অটোভেন অৰ্পন কৰা হয়।

এই উপলক্ষে নিজবহৰিত থকা আৰোহন মণ্ডল সংগঠনৰ কাৰ্যাল‌য় চৌহদত অনুষ্ঠিত এখন ৰাজহুৱা সভাত জিলা পৰিষদৰ উপ মুখ্য কাৰ্যবাহী বিষয়া চিত্তৰঞ্জন ডেকাই আনুষ্ঠানিকভাৱে গাড়ীখন হস্তান্তৰ কৰে। এই উপলক্ষে দিয়া ভাষণত তেওঁ এই আচঁনিৰ সুবিধা লৈ হিতাধিকাৰী সকলক ভালদৰে সংস্থাপিত হোৱাৰ প্ৰয়াস চলাবলৈ আহ্বান জনায়। তেওঁ পৰ্যায়ক্ৰমে জিলাখনৰ আটাইবোৰ উন্নয়ন খণ্ডতে এনে আঁচনি গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই দিয়া ভাষণত চৰকাৰে দিয়া সুদবিহীন ঋণ বুলিয়ে যাতে হিতাধিকাৰীয়ে ইয়াক সহজভাৱে আৰু আওকনীয়াভাবেৰে গ্ৰহণ নকৰে তাৰ বাবে আহ্বান জনায়।

চেঙা উন্নয়ন খণ্ডৰ প্ৰকল্প প্ৰৱন্ধক সৌৰভ  দাসে আঁতধৰা সভাখনৰ আৰম্ভণীতে ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰৱন্ধক সুমিত প্ৰসাদ দাসে আঁচনিখনৰ বিষয়ে বুজাই কয়। সভাত চেঙাৰ খণ্ড উন্নয়ন বিষয়া লাচিত দাস আৰু তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ নেওগ, বহৰী গাওঁ পঞ্চায়তৰ সভাপতি পূৰ্ণ দাস আদি বিশিষ্ট ব্যক্তি সকলো উপস্থিত থাকে। উল্লেখযোগ্য যে এই আচঁনিৰ অধীনত ইতিপূৰ্বে বৰপেটা জিলাৰ যথাক্ৰমে চকচকা আৰু সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত চিনাকি আৰু ত্ৰিদেৱী মণ্ডল পৰ্যায়ৰ সংগঠনে লাভ কৰা অনুদানেৰে দুগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে দুখন মালবাহী  গাড়ীৰ গৰাকী হ’বলৈ সক্ষম হৈছে।

Leave A Reply