Breaking

বান আৰু খহনীয়া সমস্যাৰ পৰা মাজুলীক সুৰক্ষিত গুৰুত্ব প্ৰদান চৰকাৰৰ

0 2,106

মাজুলী জিলা প্ৰতিষ্ঠাৰ পাছৰে পৰা বিগত চাৰে চাৰি বছৰত জলসম্পদ বিভাগে জিলাখনৰ দুৰ্বল মঠাউৰিসমূহ শক্তিশালী কৰি তোলাৰ লগতে নদীপৰীয়া খহনীয়াত আক্ৰান্ত অঞ্চলসমূহক সুৰক্ষিত কৰিবলৈ জৰুৰী কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে।

২০১৬ চনত ব্ৰহ্মপুত্ৰৰ বানে উটুৱাই নিয়া বনগাঁও মঠাউৰিৰ ক্ষতিগ্ৰস্ত অংশ জলসম্পদ বিভাগে অতি কম দিনৰ ভিতৰতে পুনৰ নিৰ্মাণ কৰি বৃহত্তৰ পূৱ মাজুলী অঞ্চলবাসী জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰে। একেদৰে, ২০১৭ চনৰ বানত বিচ্ছিন্ন ব্ৰহ্মপুত্ৰ মঠাউৰিৰ সোণোৱাল কছাৰী অংশৰ লগতে নামনি মাজুলীত সোৱণশিৰি নদীয়ে উটুৱাই নিয়া মঠাউৰিৰ নটাকৈ ভগ্ন অংশও অসম চৰকাৰৎ নিৰ্দেশত বিভাগটোৱে অতি ক্ষিপ্ৰতাৰে এবছৰতকৈয়ো কম সময়ৰ ভিতৰতে জিঅ’ বেগ সংস্থাপনেৰে মজবুত কৰি পুনৰ নিৰ্মাণ কৰি উলিয়ায়। ইতিমধ্যে ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষত বিভাগটোৱে টেকেলিফুটা-মিলি তিনিআলি-হালধিবাৰী-বনগাঁও-বেচামাৰী ব্ৰহ্মপুত্ৰ মঠাউৰিৰ স্পৰ্শকাতৰ অংশসমূহ সবলীকৰণৰ বাবে কেইবাখনো আঁচনি সফলতাৰে কাৰ্যৰূপায়ণ কৰাৰ সূত্ৰে বিগত তিনিটা বৰ্ষ (২০১৮, ২০১৯ আৰু ২০২০ চন)ৰ বাৰিষাৰ সময়ছোৱাত মাজুলী জিলাত ব্ৰহ্মপুত্ৰৰ মঠাউৰি সুৰক্ষিত হৈ ৰয়।

জলসম্পদ বিভাগৰ মাজুলী সংমণ্ডলে চলিত বিত্তীয় বৰ্ষতো উজনি মাজুলীত ব্ৰহ্মপুত্ৰ মঠাউৰি সবলীকৰণ আৰু আঁহতগুৰিত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ লগতে জিলাখনৰ উত্তৰ দিশতো সোৱণশিৰি, খেৰকটীয়া, লুইত-খাবলুৰ খহনীয়া প্ৰতিৰোধৰ বাবে মুঠ ১৬.০২ কোটি টকা ব্যয় সাপেক্ষ ৭খনকৈ অতি গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণৰ ব্যৱস্থা কৰিছে। এই আঁচনি কেইখন হৈছে– ২ কোটি টকাৰে জেংৰাইমুখৰ পৰা পকাজৰালৈ সোৱণশিৰি মথাউৰি সবলীকৰণ আঁচনি, ১.৮০ কোটি টকাৰে জেংৰাইমুখ কুমাৰবাৰী অঞ্চলত খেৰকটীয়া নদীৰ খহনীয়া প্ৰতিৰোধ আঁচনি, ২ কোটি টকাৰে মূৱাচুকত খেৰকটীয়া নদীৰ খহনীয়া প্ৰতিৰোধ আঁচনি, ৩.৩০ কোটি টকাৰে চটাইকুৰৰ পৰা ৰতনপুৰ অংশত ব্ৰহ্মপুত্ৰ মথাউৰি সবলীকৰণ আঁচনি, ৩.৬০ কোটি টকাৰে গড়মূৰ এলেকাত লুইতৰ খহনীয়া প্ৰতিৰোধ আঁচনি, ২ কোটি টকাৰে কৰতিপাৰত সোৱণশিৰিৰ খহনীয়া প্ৰতিৰোধ আঁচনি আৰু ৩.৩২ কোটি টকাৰে আঁহতগুৰিত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ আঁচনি। মুখ্যমন্ত্ৰী গৰাকীয়ে যোৱা ৫ জানুৱাৰীত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা বান-খহনীয়া প্ৰতিৰোধৰ এই আটাইকেইখন আঁচনিৰ ৰূপায়ণকাৰ্য আগন্তুক বাৰিষাৰ পূৰ্বেই সম্পূৰ্ণ কৰি তুলিবলৈ বিভাগটোৱে ইতিমধ্যে সময়সীমা স্থিৰ কৰিছে।

Leave A Reply