Breaking

কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ত ৰাজ্যপাল

0 82

অসমৰ ২৯ সংখ্যক ৰাজ্যপাল হিচাপে নিযুক্ত হোৱাৰ পিছত প্ৰথম বাৰৰ বাবে আজি কামৰূপ জিলা সংহত উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয় ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া।

ৰাজ্যপাল কাটাৰিয়াক কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা উপায়ুক্ত কীৰ্তি জল্লীয়ে উষ্ম সম্ভাষণ জনায়। ইয়াৰ পিছতে ৰাজ্যপাল কাটাৰিয়াই জিলা খনত ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক আঁচনি সমূহৰ বিষয়ে জিলা খনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ পৰা অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰে।

ৰাজ্যপাল কাটাৰিয়াই লগতে কামৰূপ জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ সৈতে মত-বিনিময় কৰে । কাটাৰিয়াই লগতে উপায়ুক্ত কাৰ্যালয় চৌহদত এক বৃক্ষৰোপণ কাৰ্যসূচীটো অংশগ্ৰহণ কৰে।

Leave A Reply