Breaking

৪৯ সংখ্যক ৰাষ্ট্ৰীয় বাল-বৈজ্ঞানিক প্ৰদৰ্শনী ২০২২ ৰ উদ্বোধনি অনুষ্ঠানত উপস্থিত ৰাজ্যপাল জগদীশ মুখী…

0 154

৪৯ সংখ্যক ৰাষ্ট্ৰীয় বাল-বৈজ্ঞানিক প্ৰদৰ্শনী ২০২২ ৰ উদ্বোধনি অনুষ্ঠানত উপস্থিত ৰাজ্যপাল জগদীশ মুখী।ছাত্ৰ-ছাত্ৰীৰ উত্কৰ্ষ সাধনৰ বাবে শিক্ষা বিভাগে জিলাই জিলাই জিলা ভিত্তিক বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব- ডাঃ পেগু। ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ চমুকৈ এন.চি.ই.আৰ.টিৰ উদ্যোগত আৰু অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজিৰ পৰা ২৬ নৱেম্বৰলৈকে অনুষ্ঠিত হোৱা ৪৯ সংখ্যক ৰাষ্ট্ৰীয় বাল-বৈজ্ঞানিক প্ৰদৰ্শনীৰ দুৱাৰ মুকলি কৰে অসমৰ ৰাজ্যপাল জগদীশ মূখীয়ে।

অনুষ্ঠানত ৰাজ্যপাল গৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে যে বৰ্তমান সময় হৈছে বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগ। তাহানিৰ দিনৰ পৰা এতিয়ালৈ মানৱ সভ্যতাৰ বিকাশৰ ক্ষেত্ৰত বিজ্ঞানে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ লগতে উল্লেখ কৰে যে এই ধৰণৰ প্ৰদৰ্শনীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিশীল চিন্তাধাৰা সমূহ বিকশিত হোৱাত সহায়ক হোৱাৰ উপৰিও তেওঁলোকক নতুন নতুন চিন্তাৰ অন্বেষণ ঘটাব। উক্ত অনুষ্ঠানত আদৰণি ভাষণত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুই উল্লেখ কৰে যে পৌৰাণিক যুগৰ পৰা আজিৰ এই সময়লৈ বিজ্ঞানৰ ব্যৱহাৰ আৰু ইয়াৰ আবিস্কাৰৰ দ্বাৰা সমগ্ৰ মানৱ জাতিৰ জীৱন ৰূপৰেখা সলনি হৈছে। তেওঁ আৰু কয় যে শিশু সকল হ’ল আমাৰ দেশৰ ভৱিষ্যত।

তেওঁলোকে বৰ্তমান সময়ত জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত আমাৰ পৃথিৱীখনক আহি ঠকা দিন সমূহত মানৱ জাতিৰ বাবে উপযোগী কৰি ৰাখিবৰ বাবে উদ্যোগ লৱ লাগিব বুলি উল্লেখ কৰে। তেখেতে এন.চি.ই.আৰ.টিক অসমত এই অনুষ্ঠান পতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু এই প্ৰদৰ্শনীয়ে আমাৰ ছাত্ৰ-ছাত্ৰী সকলক উপকৃত কৰিব বুলি উল্লেখ কৰে। অনুষ্ঠানত বিশিষ্ট বৈজ্ঞানিক তথা চি.এচ.আয়.আৰৰ প্ৰাক্তন সঞ্চালক ড০ প্ৰশান্ত গোস্বামীয়ে তেওঁৰ গাম্ভীৰ্যপূৰ্ণ ভাষণ প্ৰদান কৰে। উল্লেখযোগ্য যে এই অনুষ্ঠানত ভাৰত বৰ্ষৰ ২২ খন ৰাজ্যৰ পৰা ২৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ বিভিন্ন উদ্ভাৱনীমূলক সৃষ্টি সমূহ প্ৰদৰ্শন কৰিব। আজিৰ এই অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্ত, সৰ্বশিক্ষাৰ মিচন সঞ্চালক ড০ ওম প্ৰকাশ, এন.চি.ই.আৰ.টিৰ যুটীয়া সঞ্চালক শ্ৰীধৰ শ্ৰীবাস্তৱৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।

Leave A Reply