Breaking

মৰিগাঁৱত সৰ্বভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ যুৱ নেতা কানহায়া কুমাৰৰ বিশাল নিৰ্বাচনী সভা

0 2,087

এজন গুজৰাটীয়ে দেশ বচালে আৰু এজন গুজৰাটীয়ে এফালৰ পৰা দেশ বিক্ৰী কৰিলে। দেশবাসীৰ কাৰণে মহাত্মা গান্ধীয়ে বুকুত গুলি পাতিলৈও ইংৰাজৰ‌ পৰা মক্ত কৰা ভাৰতবৰ্ষৰ বুকুত থকা ৰাষ্ট্ৰীয় সম্পদৰ ধ্বংস যজ্ঞ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে : আজি এই মন্তব্য প্ৰকাশ কৰে সৰ্বভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ যুৱ নেতা কানহায়া কুমাৰে। মৰিগাঁৱৰ বিহুতলিত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ মহাজোঁট বন্ধনৰ‌ চিপিআইৰ প্ৰাৰ্থী মুনিন মহন্তৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি কমিউনিষ্ট যুৱনেতা কানহায়া কুমাৰে কয় যে- কেন্দ্ৰত বিজেপি চৰকাৰ হ’লে বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুই কোটি চৰকাৰী চাকৰি, বিদেশত থকা ক’লা ধন আনি দেশৰ প্ৰতিটো পৰিয়ালৰ মাজত ভগাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। যোৱা পাঁচটা বছৰত দুই কোটি চৰকাৰী চাকৰি দিয়াটো বাদেই ক’লা ধনো ঘুৰাই আনিবলৈ সক্ষম নহ’ল। সেয়ে দেশৰ এজন মিছলীয়া প্ৰধানমন্ত্ৰীৰ শাসনকালত জনসাধাৰণে কি আশা কৰিব বুলি নেতা গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।লগতে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক কত্যাক্ষ কৰি  তেওঁ পুনৰ কয় যে- অমিত শ্বাহে উচ্চ শিক্ষিত নিবনুৱাক পকৰী বেছি স্বাৱলম্বী হ’বলৈ ভাষণত কৈ আহিছে কিন্তু তেওঁৰ পুত্ৰক পকৰী বেছি স্বাৱলম্বী হ’বলৈ কিয় নকয়। ইউ পি এচ চি, এ পি এচ চি ডিগ্ৰী নথকাকৈয়ে গৃহমন্ত্ৰীৰ পুত্ৰক কি দৰে মোদী চৰকৰে মিনিষ্টাৰ চেক্ৰেটেৰী বনালে বুলি মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰে। তাৰোপৰি কানহায়া কুমাৰে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰি কয় যে- সাম্প্ৰদায়িকতা ৰাজনীতি কৰা বিজেপি চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা এতিয়া কংসৰ দৰে জনপ্ৰিয় মামা, কিন্তু মই কানহায়া বুলিও তাচ্ছিল্য কৰে মন্ত্ৰী হিমন্তক। প্ৰবিত্ৰ অসমভুমি কেৱল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু আজান ফকীৰৰ ভুমি। সেয়া দেশৰ ইতিহাস নাজানা বিজেপি কেন্দ্ৰীয় চৰকাৰে অসমত কয়লা, চুপাৰী চিণ্ডিকেত চলাই লুণ্ঠন কৰাৰ বাহিৰে ৰাজ্যৰ জনসাধাৰণৰ বাবে কি কৰিব বুলি মন্তব্য কৰে। লগতে তেওঁ পুনৰ কয় যে- দেশক আগবঢ়ায় নিবলৈ হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিলে নহ’ব। দেশৰ লগতে অসমক উন্নয়নৰ দিশত আগুৱাই নিয়াৰ স্বাৰ্থত ধৰ্মৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰা সকলক ওফৰাই দিয়াৰ লগতে মৰিগাঁও সমষ্টিত উন্নয়নৰ স্বাৰ্থত চিপিআই নেতা মুনিন মহন্তক বিপুল ভোটত জয়ী কৰিবলৈ কমিউনিষ্ট নেতা কানহায়া কুমাৰে আহ্বান জনায়। ইফালে, মৰিগাঁও সমষ্টিৰ কংগ্ৰেছৰ মহাজোঁট বন্ধনৰ‌ চিপিআইৰ প্ৰাৰ্থী মুনিন মহন্তই ভাষণ প্ৰসংগত কয় যে-অসমত এইবা মহাজোঁট বন্ধনৰ‌ ঢৌ উঠিছে। মহাজোঁট বন্ধনৰ এই শক্তিশালী ঢৌত বিৰোধী দল উটি যাব। বিজেপিৰ কাৰ্যকালত হোৱা দূৰ্নীতিৰ পৰিত্ৰাণ বিচাৰি এইবাৰ ৰাইজে মহাজোঁট বন্ধনৰ চৰকাৰ বিচাৰিছে। মৰিগাঁও জিলা খন এক বান বিধ্বস্ত জিলা। বৰ্তমান সময়ত নিবনুৱা সমস্যাই জিলা খনত বৃহৎ সমস্যা হৈ পৰিছে। বিজেপি চৰকাৰৰ দিনত জাগীৰোড কাগজ কল আৰু কাছাৰ কাগজ কল বন্ধ হৈ গ’ল । জাতি, মাটি, ভেটি ৰক্ষাৰ স্বাৰ্থত শাসনত বহা বিজেপি চৰকাৰে অসমত ধৰ্মৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰিছে। এইবাৰ বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ৰাইজ সজাগ হৈছে। অসম জাতীয় পৰিষদ দলক মহাজোঁটৰ প্ৰাৰ্থী মুনিন মহন্তই তীব্ৰ কত্যাক্ষ কৰি কয় যে- বিজেপিৰ চৰকাৰক সহায় কৰিবলৈ অসম জাতীয় পৰিষদে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। মহাজোঁট বন্ধনৰ‌ ভোট বিভাজনৰ বাবে নিৰ্বাচনত অসম জাতীয় পৰিষদে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। গতিকে অসমৰ ৰাইজে অসম আৰু অসমীয়াৰ বাবে এইবাৰ মহাজোঁট বন্ধনৰ‌ চৰকাৰক অধিষ্ঠিত কৰিব বুলি চিপিআই নেতা মুনিন মহন্তই মন্তব্য কৰে। ইপিনে, মৰিগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা মৰিগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি জোনজোনালী বৰুৱা আজি বিহুতলিত আয়োজন কৰা মহাজোঁট বন্ধনৰ‌ বিশাল নিৰ্বাচনী সভাত অংশ গ্ৰহণ নকৰাত মহাজোঁট বন্ধনৰ সমৰ্থক সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।আজিৰ বিশাল নিৰ্বাচনী সভা খনত কংগ্ৰেছৰ মহাজোঁট বন্ধনৰ‌ মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ সভাপতি বীৰ কুমাৰ কোৱঁৰ, মৰিগাঁও কংগ্ৰেছ নেতা প্ৰণৱ জ্যোতি বৰকটকীকে ধৰি মহাজোঁট বন্ধনৰ‌ বহু কেইজন বিষয়ববীয়াৰ লগতে প্ৰায় কেইবা সহস্ৰাধিক দলীয় সমৰ্থকে অংশ গ্ৰহণ কৰে।

Leave A Reply