Breaking

গ্ৰাছ ৱ’মেন এৱাৰ্ড ২০২৪ গিৰিমল্লিকা শইকীয়ালৈ; বিশিষ্ট কবি-লেখিকা নিজৰা বৰঠাকুৰৰ ‘প্ৰজ্ঞাৰ পথাৰত’ উন্মোচন…

0 53

বোকাখাতত এইবাৰ কেন্দ্ৰীয়ভাৱে ব্যতিক্ৰমী আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ লগতে গ্ৰাছ ৱ’মেন এৱাৰ্ড ২০২৪ প্ৰদান কৰা হয় গ্ৰাছ, বোকাখাতৰ উদ্যোগত আৰু বোকাখাত অঞ্চলৰ ২১ টা নাৰী সংগঠনৰ সহযোগত বোকাখাত পুৱতি সাহিত্য সভা ভৱনত। প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত জন্ম লোৱা উজনি অসমৰ অন্যতম শক্তিশালী বেচৰকাৰী সংগঠন গ্ৰীণ ৰিভলিউশ্যনাৰী এডমায়াৰেবল চিৰিণ চচাইটি, চমুকৈ গ্ৰাছ, বোকাখাতে মূলতঃ পৰিৱেশ সংৰক্ষণৰ স্বাৰ্থতে কাম কৰি আহিছে যদিও সময়ে সময়ে সমাজলৈ জনকল্যানমূলক সেৱাও আগবঢ়াই আহিছে। উল্লেখ্য যে বোকাখাতত প্ৰতি বছৰে সচৰাচৰ নাৰীৰ উদ্যোগত স্থান ভেদে আন্তৰ্জাতিক নাৰী দিৱস অনুষ্ঠিত হৈ অহাৰ উদাহৰণৰ বিপৰীতে এইবাৰ কেন্দ্ৰীয়ভাৱে আন্তৰ্জাতিক নাৰী দিৱস উদযাপনত পুৰুষে উদ্যোগ লোৱা দেখা গ’ল। গ্ৰাছ, বোকাখাতে লোৱা ব্যতিক্ৰমী উদ্যোগৰ প্ৰতি সঁহাৰি জনালে বোকাখাত উপ জিলাৰ ২১ টা নাৰী সংগঠনে। নাৰী দিৱস উদযাপনৰ বৰ্ণিল কাৰ্যসূচীৰ আঁত ধৰে কবি-নাট্যকাৰ-সাংবাদিক অমৰ শৰ্মাই। এই উদ্দেশ্যে বোকাখাত পুৱতি সাহিত্য সভা ভৱন প্ৰাংগণত যোৱা ৮ মাৰ্চৰ পুৱা গ্ৰাছৰ পতাকা উত্তোলন কৰে সংগঠনটোৰ সভাপতি অংকুৰ বৰঠাকুৰে আৰু সহযোগী ২১ টা নাৰী সংগঠনৰ সভানেত্ৰী সকল ক্ৰমে পুতলী খাউণ্ড, অৰুণা দত্ত শইকীয়া, অনিমা বৰা, জুমি বৰা, বিদিশা ৰাজখোৱা, ডালিমী সন্দিকৈ গগৈ, বন্দনা দত্ত, মাইনা উপাধ্যায়, জাগৃতি বৰা, ভোগেশ্বৰী বৰা, নিৰদা বৰা, মালবিকা চৌধুৰী, মঞ্জু শইকীয়া, বিলুমণি বৰা, অনিতা আগৰৱালা, কুলদা বেহেন, ৰেখামণি বৰা, ইন্দু চেতিয়া, ৰীণা দত্ত আদিয়ে নিজ নিজ সংগঠনৰ পতাকা উত্তোলন কৰে।

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে গ্ৰাছ আৰু সহযোগী নাৰী সংগঠনৰ বিষয় ববীয়া, সদস্য সদস্যাৰে বোকাখাত নগৰৰ মাজেদি এটি বৰ্ণিল শোভাযাত্ৰা বাহিৰ কৰা হয়। স্মৃতি তৰ্পণ কৰে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বোকাখাতৰ সভাপতি আনিছুৰ ৰহমানে। বন্তি প্ৰজ্বলন কৰে বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী চন্দ্ৰপ্ৰভা শইকীয়াই। বোকাখাতৰ পূৰ্বৰংগ সংগীত একাডেমীৰ অধ্যক্ষা, শংকৰী সংগীতৰ সাধক তথা বিশিষ্ট বৰগীত শিল্পী ৰিজুমণি বৰা হাজৰিকাৰ নেতৃত্বত সংগীত বিদ‌্যালয়খনৰ শিল্পী সকলে বৰগীত পৰিৱেশন কৰে। আন্তৰ্জাতিক নাৰী দিৱসৰ বিশেষ অনুষ্ঠান উদ্বোধন কৰি বক্তব্য প্ৰদান কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈয়ে। অনুষ্ঠানত বিশিষ্ট গীতিকাৰ, সুৰকাৰ তথা বোকাখাত শিল্পী সমাজৰ সভাপতি বিজয় শৰ্মাই ৰচনা কৰা আৰু সুৰ দিয়া গ্ৰাছ, বোকাখাতৰ থীম গীতেৰে সমবেত সংগীত পৰিৱেশন কৰে বিজয় শৰ্মাৰ নেতৃত্বত বোকাখাত শিল্পী সমাজৰ শিল্পী সকলে। নাৰী সুৰক্ষা আৰু আইন বিষয়ক বক্তব্য প্ৰদান কৰে অধিবক্তা ৰাজীৱ উজিৰে। নাৰী সৱলীকৰণ বিষয়ক বক্তব্য প্ৰদান কৰে বিশিষ্ট লেখিকা তথা স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়, যোৰহাটৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা বিনীতা দত্তই। অনুষ্ঠানতে বিশিষ্ট পৰিৱেশকৰ্মী, নাৰী সৱলীকৰণৰ অগ্ৰণী মহিলা, শিক্ষয়িত্ৰী, লেখিকা গিৰিমল্লিকা শইকীয়াক নুমলী হাজৰিকা সোঁৱৰণি গ্ৰাছ ৱ’মেন এৱাৰ্ড ২০২৪ প্ৰদান কৰা হয়। বঁটা প্ৰাপক গিৰিমল্লিকা শইকীয়াই বক্তব্য ৰাখে।

উল্লেখ্য যে বিগত সময়ছোৱাত গ্ৰাছ, বোকাখাতে সমাজৰ বিভিন্ন দিশত আগবঢ়াই অহা সেৱাই বোকাখাত উপ জিলাখনত সংগঠনটোৰ প্ৰতি জনমানসত সৃষ্টি হোৱা আস্থা আৰু জনপ্ৰিয়তাই ২০২৪ বৰ্ষৰ আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ ক্ষেত্ৰত ২১ টাকৈ নাৰী সংগঠনক একগোট কৰি বোকাখাতত একতাৰ এক নজিৰ সৃষ্টি কৰিলে বুলি বোকাখাতত এতিয়া সৰ্বত্ৰে চৰ্চিত। অনুষ্ঠানতে বিশিষ্ট কবি, লেখিকা তথা বোকাখাত মহকুমা কবি সন্মিলনৰ সভাপতি নিজৰা বৰঠাকুৰৰ প্ৰবন্ধ সংকলন ‘প্ৰজ্ঞাৰ পথাৰত’ উন্মোচন কৰি উন্মোচকৰ বক্তব্য প্ৰদান কৰে বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তই আৰু লেখক নিজৰা বৰঠাকুৰেও বক্তব্য ৰাখে। অনুষ্ঠানত বিশিষ্ট নাৰী সংগঠক, সমাজকৰ্মী, শিপিনী হেমপ্ৰভা শইকীয়া আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা দীপালী গগৈ বৰুৱাক বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিয়ে সম্বৰ্ধনা জনায়। দিব্যাংগ শিল্পী শিল্পা মূড়াই গীত পৰিৱেশন কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা মহিলাৰ মাজত প্ৰবন্ধ লিখাৰ প্ৰতিযোগিতাত ক্ৰমে ৰেখা বৰা, ৰিতু বৰা আৰু মণিকা বৰুৱা শৰ্মাই “নিৰু দাস তালুকদাৰ সোঁৱৰণি” প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰাৰ লগতে উক্ত দিনা মহিলাৰ মাজত থিতাতে চিঠি লিখা প্ৰতিযোগিতাত নিপা মহন্তই প্ৰথম, কমলা শইকীয়াই দ্বিতীয় আৰু নিজৰা দত্তই তৃতীয় স্থান অধিকাৰ কৰে (চিঠি লিখা প্ৰতিযোগিতাৰ পুৰস্কাৰৰ দাতা: ৰিজুমণি বৰা হাজৰিকা)। দুয়োটি প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ নগদ ধন আৰু মানপত্ৰৰে অনুষ্ঠানতে বিতৰণ কৰা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, গোলাঘাট জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ সমিতিৰ কাৰ্যকৰী সভাপতি কল্পনা চেতিয়া, বোকাখাত মহকুমা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি মিনতি দলে, ইমজা বোকাখাতৰ সভাপতি, সম্পাদক ক্ৰমে সঞ্জীৱ হাজৰিকা আৰু সুদীপ্ত তামুলী, কে এন এন-ৰ মুখ্য সচিব দিব্যজ্যোতি হাজৰিকা আৰু অধ্যক্ষ বদন দুৱৰা আদি। অনুষ্ঠানত গ্ৰাছ, বোকাখাত আৰু সহযোগী নাৰী সংগঠন সমূহৰ বিষয় ববীয়া, সদস্য-সদস্যাৰ লগতে বোকাখাতৰ যথেষ্ট সংখ্যক গণ্যমান্য আমন্ত্ৰিত অতিথি উপস্থিত থাকে। অনুষ্ঠানটো সুচাৰুৰূপে সম্পন্ন হৈ যোৱাৰ বাবে সমূহ সহযোগী সংগঠনৰ লগতে বোকাখাতৰ ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে গ্ৰাছ, বোকাখাতৰ সভাপতি, সম্পাদক অংকুৰ বৰঠাকুৰ আৰু ইন্দ্ৰেশ্বৰ বৰাই।

Leave A Reply