Breaking

ওৰাং আৰক্ষীৰ বৃহৎ সফলতা! ১১গ্ৰাম ড্ৰাগছসহ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ…

0 25

ওৰাং আৰক্ষী থানাৰ অধীনস্থ ধোপশুৰি গাঁৱৰ পৰা ১১ গ্ৰাম ড্ৰাগছসহ চেঙেলীমাৰাৰ গাঁৱৰ আনাৰুল হক নামৰ এজন ড্ৰাগছ ব্যৱসায়ী আৰু এখন বাইক জব্দ কৰে৷ ওৰাং আৰক্ষীয়ে ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতাৰ নিৰ্দেশ মৰ্মে ওৰাং আৰক্ষী থানাৰ SI মৃনাল টাইডৰ নেতৃত্বত SI সুৰজিৎ হাজৰিকা, SI (P) চামিং পমুঙৰ, আৰক্ষী ৰক্তিম হাজৰিকা, ঋতুপন গগৈ, ৰক্তিম বৰুৱাৰ, ২৭নং APBN আৰু গাঁৱৰক্ষীৰ সম্পাদক আব্দুল জলিল সহযোগত ৮টা প্লাষ্টিক কন্টেনাৰ সৈতে ১১গ্ৰাম ড্ৰাগছ আৰু গ্লেমাৰ বাইক খন জব্দ কৰে৷


এই ঘটনাৰ সম্পৰ্কত ওৰাং আৰক্ষী থানাত ৫৪//২০২৪নং Under Section 21(B)/29 ND PS Act অনুসৰি চেঙেলীমাৰা গাঁৱৰ আনৰুল হকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰন কৰে৷

Leave A Reply