ধৰ্মশালা, ২৬ নৱেম্বৰ : অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠণ অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ধুবুৰী জিলাৰ তিনিগৰাকী যুৱ কৰ্মী ক্ৰমে নুৰে ছিবলীক অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি হিচাপে, লুতফৰ ৰহমান খন্দকাৰক কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য হিচাপে আৰু গৌৰীপুৰৰ সঞ্জয় বিশ্বাসক কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হিচাপে দায়িত্বভাৰ অৰ্পণ কৰা বুলি জানিব পৰা গৈছে । অসম গণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক দিলীপ দত্ত আৰু অসম যুৱ পৰিষদৰ ধুবুৰী বিধান পৰিষদৰ সভাপতিয়ে তিনিওগৰাকীক অভিনন্দন জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে লগতে অসম যুৱ পৰিষদৰ ধুবুৰী বিধান পৰিষদৰ সভাপতিয়ে অসম গণ পৰিষদৰ কেন্দ্ৰীয় সভাপতি তথা কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰা আৰু অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোহাই ক অসম যুৱ পৰিষদৰ ধুবুৰী বিধান পৰিষদৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে ।
Breaking
- ১৬ লাখ ১৫ হাজাৰতকৈয়ো অধিক লোকক কোৱিড-১৯ ৰ প্ৰতিষেধক প্ৰদান ভাৰতত
- বটদ্ৰৱা থানত “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ”ৰ কাৰ্য্যসূচী উন্মোচন
- গোসাইগাঁৱত চি আৰ পি এফৰ ১২৯ বাহিনীৰ দ্বাৰা কৃষক ৰাইজক বিনামূলীয়া বীজ বিতৰন
- দিছপুৰ খন হিমন্ত বিশ্ব শৰ্মাৰ পৈত্রিক সম্পত্তি নহয় – বিধায়ক আমিনুল ইছলাম
- নগাঁৱত জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন
- কমলাকান্ত গগৈ পুনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ হিচাপে নিৰ্বাচিত
- চাওতালক জনগোষ্ঠীয় মৰ্যাদাৰ দাবী, অন্যথা নিৰ্বাচনত বৰ্জন কৰিব বিজেপিক
- পূব নলবাৰীৰ জাজিয়াবাৰীত শ্ৰীশ্ৰীবুঢ়া গোসাঁই নামঘৰত মাঘী পূৰ্ণীমা তিথি (সভা)
- BTRত ১ ফেব্ৰুৱাৰীৰ পৰা মাটিৰ কিনা-বেচাৰ অনুমতি
- কা’ৰ প্ৰতিলিপি দাহেৰে ডিমৌত আছু’ৰ ক’লা পাতাকা লৈ উত্তাল প্ৰতিবাদ