Breaking

বঙাইগাঁও জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

0 2,067

বঙাইগাঁও জিলা কংগ্ৰেছৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সোমবাৰে অনুষ্ঠিত হয় ৷ বঙাইগাঁওস্থিত জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত সভাত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী বিধান সভা সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ উপস্থিত থাকে ৷ জিলা কংগ্ৰেছৰ সভাপতি মৃণাল অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলাখনৰ বিভিন্ন মণ্ডল,  ব্লক আদি কমিটিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷ সভাত মূলত দলটোৰ সাংগঠিক দিশৰ ওপৰত আলোচনা হয় ৷ ইপিনে সভাত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে সংবাদ মাধ্যমৰ আগত কয় যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত আমি গোটেই অসমতে কংগ্ৰেছ দলৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ কাৰণে ইতিমধ্যে বৰাক উপত্যকাৰ  পৰা আৰম্ভ কৰি উজনি – নামনি সকলোতে দলৰ সভা- সমিতি অনুষ্ঠিত হৈ আছে ৷ মই কাৰ্যকৰী সভাপতি হিচাপে বঙাইগাঁও জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভালৈ আহিছো ৷ এই সভাৰ জৰিয়তে বঙাইগাঁও জিলাৰ প্ৰতিটো বুথ, মণ্ডল আৰু ব্লকত দলটোৰ সাংগঠনিক দিশ কিমান টনকিয়াল আৰু আগন্তুক দিনত অঘিক শক্তিশালী কৰাৰ কাৰণে কি কৰিব লাগিব  আদি কথাবোৰ আলোচনা কৰা হয় ৷ লগতে যোৱা বিধান সভা নিৰ্বাচনত দলে জিলাখনৰ দুটা বিধান সভা সমষ্টিত জয়লাভ কৰাৰ বিপৰীতে এটা সমষ্টিত পৰাজিত হৈছিল ৷ এই পৰাজয়ৰ কাৰণসমূহো সভাত বিশ্লেষণ কৰা হয় ৷ এই সভাত দলৰ দুৰ্বল দিশসমূহ চিনাক্ত কৰি পৰৱৰ্তী সময়ত সেইবোৰ শক্তিশালী কৰি ৰাইজৰ ওচৰত ঠিয় হৈ কিদৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মাত মাতিব পাৰো সেয়া আলোচনা হৈছে ৷ বঙাইগাঁও জিলাত দলৰ কৰ্মীসকলে ভাল কাম কৰি থকা বুলিও কয় ৷ 
ইপিনে কংগ্ৰেছৰ বিধায়ক, নেতা- কৰ্মীৰ বিজেপি গমণ সন্দৰ্ভত  সাংবাদিকৰ প্ৰশ্নোত্তৰত কয় যে কংগ্ৰেছৰ পৰা ইতিমধ্যে বহু ব্যক্তি বিজেপিলৈ গৈছে আৰু তাক আমি অস্বীকাৰ নকৰো ৷ কিন্তু কংগ্ৰেছলৈ বিভিন্ন ৰাজনৈতিক দলৰ পৰা বহু ব্যক্তি আহিছিল , যিবিলাক হয়তো পোহৰলৈ অহা নাই ৷ আমি ২০১৬ চনত চৰকাৰ গঠন কৰিব পৰা নাই , ২০২১ চনত চৰকাৰ গঠন কৰিব পৰা নাই , দিল্লীত দলৰ চৰকাৰ নাই ৷ তেনেকুৱা সময়ত যিসকল কংগ্ৰেছী আমাৰ মাজত থাকি তেওঁলোকে পৰিচয় লাভ কৰিছে ,যিসকলে কংগ্ৰেছ দলৰ মজিয়াত থাকি তেওঁলোকে নিজকে গোটেই ৰাজ্যখনত বা সমষ্টিত এক সুকীয়া পৰিচয় পাইছিল তেনেকুৱা কিছু ব্যক্তি আমাৰ দলৰ পৰা গুচি গৈছে ৷ সেইসকল ব্যক্তিৰ কথা বহলকৈ ক’ব আৰু নিবিচাৰো ৷
 দলৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে লগতে কয় যে যিসকলে ক্ষমতা নহলে ৰাতি শুব নোৱাৰে , যিসকলে ক্ষমতা নহলে ভালকৈ থাকিব নোৱাৰে ,যিসকলে ক্ষমতা নহলে ভাত এসাজ খালেও তেওঁলোকৰ পেটটো নভৰে তেনেকুৱা ব্যক্তি আমাৰ মাজৰ পৰা গুচি গৈছে ৷ গতিকে তেনেকুৱা ব্যক্তি আমাৰ মাজৰ পৰা গুচি যোৱাত আমি আক্ষেপ নকৰো ৷ কাৰণ সেইসকল  ব্যক্তিক কংগ্ৰেছ দলে বহু কিবা- কিবি দিছিল ৷ কিন্তু যিসকল ব্যক্তিক কংগ্ৰেছ দলে একো দিয়া নাই , কিন্তু কংগ্ৰেছ দলক গোটেই জীৱনটো দি সেৱা আগবঢ়াই আছে আৰু দলক বিজয়ী কৰিবলৈ উঠি পৰি লাগি আহিছে ,তেনে ব্যক্তি এজনো যোৱা নাই ৷ গতিকে ক্ষমতা লোভী ,স্বাৰ্থলোভী আৰু যিসকলে কেৱল ক্ষমতাৰ কাৰণে ৰাজনীতি কৰে ৷ কোনো নৈতিকতা নাই ৷ তেনেকুৱা ব্যক্তি যেতিয়া আমাৰ দলৰ পৰা যায় তেতিয়া আমি আক্ষেপ নকৰো, বৰং সুখী অনুভৱ কৰো ৷ কাৰণ দলৰ বেয়া সময়ত অন্তত আচল ব্যক্তিক চিনাক্ত কৰিব পাৰিছো যে তেওঁলোকে কেৱল ক্ষমতাৰ কাৰণে কংগ্ৰেছ দলৰ লগত আছিল ৷ সেই ব্যক্তিসকলক কিছুদিন পিছত চাব যে ২০২৪ চনত যেতিয়া কেন্দ্ৰত কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ গঠন কৰিব তাৰ পিছত আকৌ আমাৰ দললৈ অহা আৰম্ভ কৰিব ৷ কিন্তু আমি কংগ্ৰেছ দলে সিদ্ধান্ত লৈছো যে সেই ক্ষমতালোভী কেইটাই আৰু আমাৰ দলত স্থান নাপায় আৰু কেতিয়াও দলত স্থান দিয়া নহ’ব ৷সেয়ে আহি থকা দিনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে কেৱল ক্ষমতাৰ কাৰণে ৰাজনীতি নকৰে , চৰকাৰ গঠন কৰাৰ কাৰণে কেৱল ৰাজনীতি নকৰে ৷ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সুখৰ সময়ত ,দুখৰ সময়ত ভাৰত তথা অসমৰ জনতাৰ কাষত সদায় ঠিয় হৈ দেশৰ  কাৰণে, অসমৰ কাৰণে ন্যায় প্ৰতিষ্ঠাৰ কাৰণে মাত মাতি যাব , অন্যায়ৰ বিৰুদ্ধে সদায় মাত মাতি যাব আৰু ইয়াত বসবাস কৰা প্ৰতিটো ধৰ্মালম্বী ,ভাষা- ভাষী , প্ৰতিটো জাতি – জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ আৰু একটা গঢ়ি তোলাৰ কাৰণে দলে সদায় কাম কৰি যাব ৷ এইদৰে কাম কৰি যাওতে আমি আশাবাদী যে এটা সময়ত অসমৰ জনতাই আকৌ কংগ্ৰেছ দলক আশীৰ্বাদ দিব আৰু দলটোক অসমক সেৱা কৰিবলৈ সুযোগ দিব ৷ 
আনহাতে বিজেপি দল তথা চৰকাৰ সন্দৰ্ভত কয় যে বিজেপি চৰকাৰ আৰু বিজেপি দলৰ বৰ্তমান এটাই কাম হৈছে যে অসমত আৰু ভাৰতত ক’ত ক’ত সম্পদ আছে তাক বিক্ৰী কৰি দেশখন চলাব লাগে আৰু পুঁজিপতিক সন্তুষ্ট কৰিব লাগে ৷ সত্তৰ বছৰে কংগ্ৰেছে কি কৰিছে বুলি প্ৰশ্ন কৰা বিজেপি দল তথা চৰকাৰখনে এটা এটা কৰি কংগ্ৰেছে কৰা সম্পদ বিক্ৰী কৰি তেওঁলোকে খাই আছে আৰু পুঁজিপতিক সন্তুষ্ট কৰি আছে ৷ সেই কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ নেতাসকলে ভাবে যে কংগ্ৰেছে আৰু সম্পদ গঢ়ি থৈ যাব লাগিছিল , কৰি থব লাগিছিল যাতে তেওঁলোকে আৰু বেছিকৈ বিক্ৰী কৰিব পাৰিলহেতেন ৷ এই যে বিজেপি চৰকাৰখনে দেশৰ সম্পদ বিক্ৰী কৰি আছে তাক আমি তীব্ৰ বিৰোধিতা কৰিছো আৰু আহি থকা দিনত দেশ তথা অসমৰ জনসাধাৰণক আহ্বান জনাইছো যে সম্পদ বিক্ৰী কৰা এই বিজেপি দলক অতি সোনকালে বিদায় দিব লাগে ৷ আনহাতে বিজেপি দল তথা চৰকাৰে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিব পৰা নাই বুলি কৈ উপ নিৰ্বাচনৰ পৰাই বিজেপি দলক খেদা আন্দোলন আৰম্ভ কৰিবলৈকো সেই সমষ্টিসমূহৰ ৰাইজক আহ্বান জনায় ৷ তেওঁ কয় যে আমি উপ নিৰ্বাচন বিচৰা নাছিলো ৷ কিন্তু কেইজনমান সন্মানীয় বিধায়ক আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে বিদায় লৈছে ৷ অৱশ্যে কেইটামান সমষ্টিত বিজেপিয়ে উপ নিৰ্বাচন পাতিবলৈ নিজে বাধ্য কৰিছে ৷ কংগ্ৰেছ বা মহাজোটবন্ধনৰ পৰা নিৰ্বাচিত বিধায়কসকলক বিভিন্ন ভয় – ভাবুকিৰে আৰু বিভিন্ন লোভ দেখুৱাই তেওঁলোকক বিধায়ক পদ ত্যাগ কৰাই বিজেপি দলত যোগদান কৰাইছে ৷ কংগ্ৰেছে উপ নিৰ্বাচনত বিজয়ৰ লক্ষ্যৰে নামিব বুলিও কয় ৷ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত জিলাখনৰ উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল বাকেন খন্দকাৰ, প্ৰাক্তন বিধায়ক আব্দুল হাই নাগৰি,  প্ৰদেশ কংগ্ৰেছৰ সম্পাদক  জ্যোতিৰ্ময় বৈশ্য, জিলা মহিলা কংগ্ৰেছ,  সুৱ কংগ্ৰেছ,  এন এছ ইউ আই, সেৱা দলৰ আদিৰ সভাপতি তথা বিষয়ববীয়াসকল উপস্থিত থাকে ৷ 

Leave A Reply