Breaking

GST সংস্কাৰ চৰকাৰৰ সাহসী সিদ্ধান্তঃ প্রধানমন্ত্রী মোদী

0 1,521

কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্রী, চমুকৈ চি আই আইৰ কার্যসূচী ভার্চুৱেলযোগে সম্বোধন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পূর্বৰ কংগ্রেছ নেতৃত্বাধীন এন ডি এ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ জি এছ টি সংস্কাৰ এন ডি এ চৰকাৰৰ সাহসী সিদ্ধান্ত বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ৰাজনৈতিক শংকাৰ বাবেই পূর্বৰ ইউ পি এ চৰকাৰে জি এছ টি সংস্কাৰত বিলম্ব কৰিছিল৷ চৰকাৰখনে সাহস গোটাব পৰা নাছিল৷

কিন্তু জি এছ টি সংস্কাৰৰ ক্ষেত্রত তেওঁৰ নেতৃত্বাধীন চৰকাৰখনে সাহসী সিদ্ধান্ত গ্রহণ কৰিলে৷ আমাৰ চৰকাৰে জি এছ টি বলৱৎ কৰাই নহয়, অভিলেখসংখ্যক জি এছ টি সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ আনপিনে, বিগত কিছু বছৰ ধৰি অর্থনৈতিক সংস্কাৰৰ বাবেই দেশত প্রত্যক্ষ বিদেশী বিনিয়োগ বৃদ্ধি পাইছে৷ মহামাৰীৰ সময়তো আনকি চৰকাৰখনে সাহসী সিদ্ধান্ত গ্রহণ কৰিছে৷ মহামাৰীৰ ফলত বিধ্বস্ত হোৱা অর্থনীতি পুনৰ উজ্জীৱিত হ’বলৈ আগবাঢ়ি গৈ আছে বুলিও প্রধানমন্ত্রী মোদীয়ে উল্লেখ কৰে৷

Leave A Reply