Breaking

নুপূৰ শৰ্মাকে আৰু কেইবাজনো হিন্দুত্ববাদী কৰ্মীক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা গুজৰাটৰ মৌলৱীক গ্ৰেপ্তাৰ…

0 12

গুজৰাট আৰক্ষীৰ জালত পৰিল এজন মৌলৱী৷ বিজেপি নেত্ৰী নুপূৰ শৰ্মাই পয়গম্বৰ হজৰত মহম্মদ সন্দৰ্ভত কৰা মন্তব্যই এটা সময়ত দেশ আৰু বিদেশত অস্থিৰতাৰ সৃষ্টি কৰিছিল। বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপূৰ শৰ্মাক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগত গুজৰাটত ধৰ্মগুৰু আবু বাকাৰ টিম্মালক গ্ৰেপ্তাৰ কৰা হৈছে। ২৭ বছৰীয়া ধৰ্মগুৰুজনৰ বিৰুদ্ধে হিন্দু সনাতন সংঘৰ ৰাষ্ট্ৰীয় সভাপতি উপদেশ ৰাণা, হায়দৰাবাদৰ বিধায়ক তথা বিজেপি নেতা ৰাজা সিং আৰু হিন্দী নিউজ চেনেলৰ মুখ্য সম্পাদক সুৰেশ চৱঙ্কেক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উঠিছে।


অভিযুক্তজনে মুছলমান শিশুসকলক ইছলামিক শিক্ষা দান কৰি আহিছে ৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে তেওঁ এটা হোৱাটছএপ গোটত ধৰ্মীয় বিভাজন ঘটাব পৰা পোষ্ট কৰিছিল । অনুসন্ধানকাৰীসকলে কৈছে যে তেওঁলোকে টিমেলৰ ম’বাইল ফোন পৰীক্ষা কৰি দেখিছে যে তেওঁ দুজন পাকিস্তানী আৰু নেপালী নাগৰিকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলিছিল । আৰক্ষীয়ে প্ৰকাশ কৰা মতে উপদেশ ৰাণা টোমলৰ প্ৰথম লক্ষ্য আছিল। পিছত আৰক্ষীয়ে প্ৰমাণ লাভ কৰে যে ধৰ্মগুৰুজনে নুপূৰ শৰ্মাকে ধৰি আৰু তিনিজন লোকক হত্যা কৰিব বিচৰিছিল।

২০২২ চনত বিজেপিয়ে নুপূৰ শৰ্মাক তেওঁৰ মন্তব্যৰ বাবে ছবছৰৰ বাবে নিলম্বন কৰাৰ সিদ্ধান্ত লৈছিল। নবীন জিন্দালকো তেওঁক সমৰ্থন কৰাৰ বাবে নিলম্বিত কৰা হৈছিল। তেওঁলোকৰ প্ৰাথমিক সদস্য পদো বাতিল কৰা হৈছিল। অৱশ্যে, তাৰ পিছতো বিতৰ্কৰ ওৰ পৰা নাছিল৷ । সমগ্ৰ দেশতে প্ৰতিবাদ আৰম্ভ হৈছিল। আৰৱ দেশসমূহলৈও প্ৰতিবাদ বিয়পি পৰিছিল।

Leave A Reply