Breaking

শ্বামীৰৰ সলনি অৱশেষত এইগৰাকী ক্ৰিকেটাৰক ল’লে গুজৰাট টাইটানছে…

0 101

আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে অৱশেষত গুজৰাটে শ্বামীৰৰ সলনি ক্ৰিকেটাৰৰ নাম ঘোষণা কৰিলে। শুভমান গিলৰ দলে শ্বামীৰৰ সলনি কলকাতাৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক বাছি লৈছে। ইতিমধ্যে খবৰ ওলাইছিল যে মহম্মদ ছামীয়ে আই পি এলত খেলিব নোৱাৰিব। ইয়াৰ পিছতো গুজৰাট টাইটানছে কোনো ক্ৰিকেটাৰৰ নাম ঘোষণা কৰা নাছিল। অৱশেষত আই পি এল আৰম্ভ হোৱাৰ দুদিন আগতেই ঘোষণা কৰিলে সেই নামটো। কলকাতাৰ প্ৰাক্তন ক্ৰিকেটাৰ সন্দীপ ৱাৰিয়ৰক শ্বামীৰ সলনি শুভমান গিলৰ দলে নিৰ্বাচিত কৰিছে।


বিশ্বকাপত আঘাতপ্ৰাপ্ত হৈছিল শ্বামী। তাৰ পিছৰ পৰা তেওঁ কোনো প্ৰতিযোগিতামূলক মেচত খেলা নাই। লণ্ডনত অস্ত্ৰোপচাৰ কৰি কিছুদিন পূৰ্বে ঘৰলৈ উভতি আহিছিল। এতিয়াৰ বাবে জিৰণি লৈছে। ইতিমধ্যে আই পি এলৰ পৰা নক আউট। বুধবাৰে নিশা আই পি এলৰ এক বিবৃতিত কোৱা হৈছে, ‘ভাৰতীয় প্ৰবীণ পেচাৰ মহম্মদ শ্বামীৰ সোঁ ভৰিৰ গোৰোহাৰ সফল অস্ত্ৰোপচাৰ কৰা হৈছে। বৰ্তমান তেওঁ ৰেষ্ট কৰি আছে। তেওঁৰ সলনি সন্দীপ ৱাৰিয়েৰে এই পৰ্যন্ত আই পি এলত ৫ খন মেচ খেলিছে। ৫০ লাখ টকাৰ ভিত্তি মূল্যত তেওঁ গুজৰাটত যোগদান কৰিছে।” কেৰালাত জন্মগ্ৰহণ কৰিলেও ৱাৰিয়ৰে এতিয়া ঘৰুৱা ক্ৰিকেটত তামিলনাডুৰ হৈ খেলে।


Leave A Reply