Breaking

দক্ষিন বেছিমাৰী প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱ, উৎসৱ মুখৰ পৰিৱেশ…

0 80

ৰাজ্যত চলি আছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ ২০২৪ বৰ্ষৰ তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱ। বৃহস্পতিবাৰ তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱ অন্তিম দিনা উৎসৱ মূখৰ পৰিবেশ দক্ষিণ বেছিমাৰী প্ৰাথমিক বিদ্যালয়। দৰং জিলাৰ দলগাওঁ শিক্ষা খণ্ডৰ অন্তৰ্গত শিলবৰী গাঁও পঞ্চায়তত অৱস্থিত ১৯৫২ চনত স্থাপিত দক্ষিণ বেছিমাৰী প্ৰাথমিক বিদ্যালয়। আটকধুনীয়া কৈ সজোৱা হৈছে বিদ্যালয়ৰ চৌপাশ। পৰিষ্কাৰ পৰিচ্ছন্ন হৈ ৰাতিপুৱা ছাত্ৰ- ছাত্ৰী সকল আহি উপস্থিত হ’ল বিদ্যালয়ত। ৰাতিপুৱা ৮-৩০ মিনিটত বিদ্যালয়ত উপস্থিত হয় মূল পৰ্যবেক্ষক। বিদ্যালয় কতৃপক্ষই এখনি জাপি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই বিষয়া গৰাকীক বিদ্যালয়লৈ আগবঢ়াই আনে। ছাত্ৰ-ছাত্ৰী সকলৰ মেধা গুনৰ উপৰিও বিদ্যালয়খনৰ শৈক্ষিক পৰিবেশৰ লগত বিদ্যালয়ৰ চৌহদৰ আটকধুনীয়া পৰিৱেশ। ৰাতিপুৱা ৮-৪৫ বজাত প্ৰাত:সভা।প্ৰাত: সভাত ছাত্ৰ ছাত্ৰীয়ে বিশেষ পাৰদৰ্শিতা কাৰ্যসূচীত একাধিক ক্ৰমে ড্ৰিল আৰু মাৰ্চিং, একাদশ ব্ৰত, কোৰান পাঠ,ৰামধনু,প্ৰাৰ্থনা সংগীত,অসম সংগীত/জাতীয় সংগীত,শান্তি স্তুত,সংকল্প,মহৎ লোকৰ বানী,সাঁথৰ, কৌতুক,নেওঁতা আদি পাঠ কৰি প্ৰাত:সভা সমাপ্ত কৰি শাৰী পাতি ছাত্ৰ ছাত্ৰী সকলে নিজৰ নিজৰ শ্ৰেনী কোঠালৈ প্ৰবেশ কৰে। বৃহস্পতিবাৰে অনুষ্ঠিত তৃতীয় পৰ্য্যায়ৰ গুণোৎসৱ অন্তিম দিনা চুড়ান্ত পৰ্য্যায়ত পৰিদৰ্শক সকলে দক্ষিণ বেছিমাৰী প্ৰাথমিক বিদ্যালয় পৰ্যবেক্ষণৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ পাঠ্যক্ৰম ভিক্তিত শৈক্ষিক মূল্যায়ন কৰে। শৈক্ষিক মূল্যায়নৰ মূল দায়িত্বত আছিল চিৰঞ্জীতা দত্ত আৰু সহ পৰিদৰ্শক হিচাপে উপস্থিত থাকে যুগেশ দাস,সবিতা দাস,আব্দুৰ ৰহিম,ফাতেমা খাতুন আৰু নছিমুদ্দিন আহমেদ।

দক্ষিণ বেছিমাৰী প্ৰাথমিক বিদ্যালয় খনে বৃহত্তৰ শিলবৰী অঞ্চল খনৰ বাবে কেইবা বাৰো সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বিদ্যালয় পৰিচালনা সমিতি,আন্ত গাঁথনি,শিক্ষক শিক্ষয়িত্ৰী সকলৰ চেষ্টা,স্থানীয় ৰাইজৰ সহায় সহযোগিতা,সচেতন অভিভাৱক হোৱা হেতুকে বিদ্যালয় খন সাধাৰণ বিদ্যালয়তকৈ বহু গুনে আগবঢ়া।বিদ্যালয় খনৰ প্ৰধান শিক্ষক আব্দুল বাৰি,সহ শিক্ষক হবিবুৰ ৰহমান,এ.এম.এ ছাত্তাৰ আকন্দ,একাশ্বৰ হাজং,বাবলী মজুমদাৰ,দিজু মনি ডেকা, অবৈতনিক শিক্ষয়িত্ৰী আনোৱাৰা বেগম, প্ৰতি জনেই কৰ্তব্য পৰায়ন। ছাত্ৰ-ছাত্ৰী বিভিন্ন দিশত আগুৱাই নিবলৈ অ-প্ৰান চেষ্টা কৰে বুলি স্থানীয় ৰাইজে জনায়। বৃহস্পতি বাৰে অনুষ্ঠিত গুণোৎসৱ বিদ্যালয় খনত উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হাইদৰ আলী, সদস্য হেলাল উদ্দিন, ইছলাম উদ্দিন,নুৰ হুছেইন,আইনুল হক সদস্যা ফজিলা খাতুন,জেচমিনা খাতুন, আনোৱাৰা বেগম, প্ৰাক্তন ছাত্ৰ জেহিৰুল ইছলাম, পঞ্চায়ত সদস্যা ছালাম খাতুন আদি কৰি মাতৃ গোটৰ ভালে কেইজনী সদস্যা। স্থানীয় ৰাইজৰ সহায় সহযোগিতা, শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ পাৰদৰ্শিতা চাই মূখ্য পৰ্যবেক্ষণৰ দায়িত্বত থকা বিষয়া চিৰঞ্জীতা দত্ত বাইদেউৱে সন্তোষ্টি প্ৰকাশ কৰে। বিদ্যালয় খনৰ বৰ্তমানৰ প্ৰধান শিক্ষক আব্দুল বাৰিয়ে জনায় যে আমাৰ বিদ্যালয় খনে বিগত বৰ্ষতকৈ এই বছৰ গুণোৎসৱত ভাল ফলাফল লাভ কৰিব। অসম চৰকাৰৰ শিক্ষা বিভাগৰ গুণোৎসৱে বিদ্যালয় আৰু ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ দিশত বিভিন্ন প্ৰকাৰে সহায় কৰিছে।

Leave A Reply