Breaking

গোৰ্খা জনগোষ্ঠীক চৰকাৰে প্ৰতাৰণা কৰাৰ প্ৰতিবাদত ফিল’বাৰীত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

0 1,274

ডিৰাক সীমান্ত, ১৬ ডিচেম্বৰঃ গোৰ্খা জনগোষ্ঠীৰ অন্যতম তিহাৰ উৎসৱৰ অন্তিম দিনা গোৰ্খা জনগোষ্ঠীৰ লোকসকলে ভাতৃদ্বিতীয়া (ভাইফোটা) পালন কৰে । এই পৱিত্ৰ দিনটোত ভগ্নীসকলে ভাতৃসকলৰ দীৰ্ঘায়ু কামনা কৰি কপালত ফোট অংকন কৰি দিয়ে । ভাতৃ দ্বিতীয়া দিনটো গোৰ্খা জনগোষ্ঠীৰ লোকসকলে অতি উলহ-মালহেৰে পালন কৰা দেখা যায়। অসমত বসবাস কৰা গোৰ্খা জনগোষ্ঠীৰ অন্যতম শক্তিশালী একমাত্ৰ ছাত্ৰ সংগঠন গোৰ্খা ছাত্ৰ সন্থাই ভাতৃ দ্বিতীয়া (ভাইফোটা) দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে তালিকাভুক্ত কৰিবলৈ চৰকাৰক সংগঠনটোৰ জন্মলগ্নৰে পৰা দাবী জনাই আহিছে । কিন্তু লক্ষণীয়ভাৱে অসমৰ বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মাই বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এক নিৰ্বাচনী সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ  দাসে মোক ফোন কৰি ভাতৃ দ্বিতীয়া দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে অন্তৰ্ভুক্ত কৰা হ’ব বুলি ঘোষণা কৰিব দিছিল বুলি কৈ উক্ত সভাতেই ঘোষণা কৰিছিল যদিও অতি পৰিতাপৰ কথা বিটিছি নিৰ্বাচনৰ বৈতৰনী পাৰ হোৱা পিছতেই উক্ত ভাষণ ফুটুকাৰ ফেনত পৰিণত হ’ল । কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰে প্ৰকাশ কৰা ২০২১ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকাত ভাতৃ দ্বিতীয়া (ভাইটিকা ) দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে অন্তভুক্ত  নহ’ল । চৰকাৰৰ এনে কাৰ্যত এতিয়া ক্ষুভিত হৈ পৰিছে গোৰ্খা জনগোষ্ঠীৰ লোকসকল, যাৰ প্ৰতিবাদত আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ফিল’বাৰী আঞ্চলিক সমিতিয়ে ফিল’বাৰী থানা চাৰিআলিত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ প্ৰতিমুৰ্তি দাহ কাৰ্যসূচী ৰূপায়ণ কৰি ভাতৃ দ্বিতীয়া দিনটো অতি শীঘ্ৰে চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই । গোৰ্খা জনগোষ্ঠীক অকল ভোট বেংক হিচাপে ব্যৱহাৰ নকৰিবলৈ সকিয়াই দিয়ে সংগঠনটোৱে। অন্যথা ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি দলক উচিত শিক্ষা দিয়াৰ হুংকাৰ প্ৰদান কৰিছে গোৰ্খা ছাত্ৰ সন্থাই । আজি প্ৰতিবাদী কাৰ্যসূচীত গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সদস্য মংগল লিম্বু, ভাস্কৰ দাহাল আঞ্চলিক সমিতিৰ সভাপতি ঘনশ্যাম  ছেত্ৰী, সম্পাদক ৰঞ্জিত ৰেগমি সহ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে ।

Leave A Reply