Breaking

আন্তঃমহাবিদ্যালয় দবা চেম্পিয়নশ্বিপত জিলিকি উঠিল গুৱাহাটী দবা একাডেমীৰ খেলুৱৈ

0 72

গুৱাহাটী বিশ্ববিদ্যালয়ৰ তত্বাৱধানত গুৱাহাটীৰ ফটাশিল আমাবাৰীত আৰ জি বৰুৱা মহাবিদ্যালয়ৰ উদ্যোগত গুৱাহাটী দবা একাডেমীৰ প্ৰশিক্ষাৰ্থী অন্তৰা ভট্টাচাৰ্যয়ে ২০২৩ চনৰ ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় দবা প্ৰতিযোগিতাত খিতাপ দখল কৰে।


সমগ্ৰ প্ৰতিযোগিতাখন অপৰাজিত হৈ অন্তৰা আৰু চাৰিটা ৰাউণ্ডৰ পৰা ৩.৫ পইণ্ট লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় দবা চেম্পিয়নশ্বিপত নিৰ্বাচিত হয়। গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰিছিল।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ হৈ অম্লান মহন্তই ৫ ৰাউণ্ডৰ পৰা ৪.৫ পইণ্ট লাভ কৰি ল’ৰাৰ খিতাপ দখল কৰে।
বৰ্তমান গুৱাহাটী দবা একাডেমীত প্ৰশিক্ষক প্ৰণৱ কুমাৰ নাথৰ অধীনত প্ৰশিক্ষণ লৈ আছে অন্তৰাই।

Leave A Reply