Breaking

গুৱাহাটীৰ চিটী এফচিৰ এএফচি চি ডিপ্ল’মা পাঠ্যক্ৰম আৰম্ভ…

0 13

গুৱাহাটী চিটী এফচি (জিচিএফচি)য়ে আয়োজন কৰা এএফচি ডিপ্ল’মা পাঠ্যক্ৰম আজিৰেপৰা সোণাপুৰ ষ্টেডিয়ামত আৰম্ভ হৈছে । সোণাপুৰ ক্ৰীড়া সন্থা আৰু ডিবিআই, সোণাপুৰৰ সহযোগত হোৱা এই পাঠ্যক্ৰমত উত্তৰ পূবৰ ২৪গৰাকী প্ৰশিক্ষকে অংশ লৈছে ৷

এআইএফএফৰ ইনষ্ট্ৰাক্টৰ চি ৰবিশংকৰ সিঙে এই পাঠ্যক্ৰমত প্ৰশিক্ষণ দিছে । আজিৰ উদ্বোধনী অনুষ্ঠানত জিচিএফচিৰ সঞ্চালকদ্বয় ডেৰিক ৰঞ্জন ডেকা আৰু কৌস্তৱ চক্ৰৱৰ্তীৰ লগতে ক্লাব ফিজিঅ’ ডঃ জেউতি শৰ্মা উপস্থিত থাকে ৷

Leave A Reply