Breaking

গুৱাহাটী গ্ৰেণ্ডমাষ্টাৰ দবাত ৰাছিয়াৰ পাবেল চেম্পিয়ন…

0 2,049

প্ৰথম গুৱাহাটী মুকলি আন্ত: ৰাষ্ট্ৰীয় গ্ৰেণ্ডমাষ্টাৰ দবা প্ৰতিযোগীতাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰে ছেচ ফেডাৰেশ্যন অফ ৰাছিয়াৰ গ্ৰেণ্ডমাষ্টাৰ প”নকাৰট’ভ পাবেলে। ৰাছিয়ান গ্ৰেণ্ডমাষ্টাৰ পাবেলে দশম তথা চূড়ান্ত ৰাউণ্ড পাৰগুৱে গ্ৰেণ্ডমাষ্টাৰ ডেলগুদু ৰেমিৰেজ নিউৰচক পৰাস্ত কৰি বিজয়ৰ মুকুট পিন্ধে । আনহাতে প্ৰতিযোগীতা খনৰ দ্বিতীয় খন টপ টেবুলত সমুখ সমৰত অবতীৰ্ণ হৈছিল ইজিপ্তৰ গ্ৰেণ্ডমাষ্টাৰ ফাওজি আধাম আৰু ভাৰতীয় ইণ্টাৰনেশ্যানেল মাষ্টাৰ কৃষ্ণা ছি আৰ জি । আধাম আৰু কৃষ্ণাৰ মাজতে তিনি ঘণ্টাতকৈ অধিক সময় চলা এই তীব্ৰ প্ৰতিদ্বন্দ্বীতা খেল খন অবশেষত ভাৰতীয় দবাৰু জনে পৰাজয় বৰণ কৰিব লগা হয় । এনেদৰে ভাৰতীয় দবাৰু গৰাকীক পৰাস্ত কৰি প্ৰতিযোগীতাৰ ৰানাৰ্চ অপ হয় গ্ৰেণ্ডমাষ্টাৰ আধাম ।

প্ৰতিযোগীতা খনত তৃতীয় স্হান লাভ কৰে ভাৰতী্য আই এম নিটিশ এছে । নিটিশে নিজ দেশৰে আন এগৰাকী অভিজ্ঞ দবাৰু কে ৰত্নাকৰণক পৰাভূত কৰে । এই প্ৰতিযোগী খনত অংশ গ্ৰহণ কৰা অসমৰ ৰাহুল এছ সিঙ অন্তুিম ২৫ স্হানত অন্তৰ্ভুক্ত হোবাৰ বিপৰীতে ছাহিল দেয়ে ৩৫ সংখ্যক স্হান আৰু অসম চেম্পিয়ন শান্তনু বৰপাত্ৰ গোহাঁইয়ে ৬০ সংখ্যক স্হানত শান্ত ক্ষান্ত থাকিব লগা হয় । উল্লেখ্য যে এই প্ৰতিযোগীতা খন অসমৰ কেইবাগৰাকী তৰুণ দবাৰুবে উন্নত খেল প্ৰদৰ্শন কৰি কেইবাজনো জি এম আৰু আই এমক তীব্ৰ প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল । এই ক্ষেত্ৰত মায়াঙ্ক চক্ৰবৰ্ত্তী , মৃন্ময় ৰাজখোৱা , আভাচৰম্য হাজৰিকা অন্যতম্ । ১৪ মাৰ্চলৈ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণ ৰামফুকন ইনডৰ ষ্টেডিয়ামত চলা আন্ত:ৰাষ্ট্ৰীয় দবা প্ৰতিযোগীতা বঁটা বিতৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি আযোজন কৰা হয় এক সামৰণি অনুষ্ঠান ।

এই অনুষ্ঠানটোত ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিমল বৰাই মূখ্য অতিথি হিচাপে উপস্হিত থাকি বিজয়ী অৰু বিজিত সকলৰ মাজত বঁটা প্ৰদানা কৰে । সদৌ অসম দবা সন্হাৰ সভাপতি কন্দৰ্প কলিতাই সঞ্চালনা কৰা সভাখনত সুবোধ মল্ল বৰুবাৰ আৰু বিৰিঞ্চি কুমাৰ শৰ্মা সম্পাদনা কৰা ‘দবা’ বিষয়ক স্মৃতি গ্ৰন্থ উন্মোচন কৰা । স্মৃতি গ্ৰন্থ খন আনুষ্ঠানিক ভাবে উন্মোচন কৰে অসম বিধান সভাৰ প্ৰধান সচিব হেমেন দাসে । উক্ত অনুষ্ঠানটোত উপস্হিত আছিল ভাৰত দবা সন্থাৰ সভাোতি ভৰত সিং চৌহান , বিশিষ্ট সমাজ সেবক ফনীন্দ্ৰ নাথ শৰ্মাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি্য়ে । উল্লেখ্য যে আন্ত:ৰাষ্ট্ৰীয় দবা প্ৰতিযোগীতা খনৰ মুঠ প্ৰাইজমানি আছিল ১৫ লাখ টকা । প্ৰতিযোগীতাৰ চেম্পিয়নক আঢ়ৈ লাখ আৰু ট্ৰফী , বিজিতক দুই.লাখ টকা আৰু ট্ৰফী প্ৰদান কৰা হয়।

Leave A Reply