Breaking

মিছাঃ দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰ নহয় গুৱাহাটী…

0 21

শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত গুৱাহাটী মহানগৰী বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰ বুলি কৰা দাবী খণ্ডন কৰিছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে । অসম প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে (এপিচিবি) গুৱাহাটীক বিশ্বৰ দ্বিতীয় আটাইতকৈ প্ৰদূষিত চহৰ বুলি কৰা দাবী সম্পৰ্কীয় প্ৰতিবেদন পোনচাটেই কঠোৰভাৱে অস্বীকাৰ কৰিছে, সেয়া মিছা বুলি অস্বীকাৰ কৰিছে । বোৰ্ডে কৈছে যে তেনে দাবী প্ৰামাণিক তথ্যৰ ওপৰত আধাৰিত নহয়। এপিচিবিৰ সচিব ড০ শান্তনু কুমাৰ দত্তই জাৰি কৰা এক বিবৃতিত গুৱাহাটীৰ বায়ুৰ মান সম্পৰ্কীয় বিভ্ৰান্তিকৰ প্ৰতিবেদনক অস্বীকাৰ কৰা হৈছে। ছুইজাৰলেণ্ডৰ বায়ু গুণগত মানদণ্ডৰ প্ৰযুক্তি সংগঠন আইকিউএয়াৰে প্ৰকাশ কৰা প্ৰতিবেদনখনত ২০২৩ চনত গড় পিএম ২.৫ ঘনত্বৰ ওপৰত আধাৰিত কৰি গুৱাহাটীক মধ্য আৰু দক্ষিণ এছিয়াৰ দ্বিতীয় আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে চিহ্নিত কৰা হৈছিল।


অৱশ্যে এপিচিবিয়ে এই দাবীবোৰ খণ্ডন কৰিছে। চৰকাৰী তথ্যৰ উদ্ধৃতি দি ২০২২ আৰু ২০২৩ৰ বাবে গড় বায়ু মানদণ্ড সূচক (একিউআই) প্ৰায় ৫২ বুলি কোৱা হৈছে। এপিচিবিয়ে সেয়ে এই বিষয়ত গুৰুত্ব দিয়ে যে গুৱাহাটীৰ নাগৰিকসকলৰ মাজত আতংকৰ কোনো কাৰণ নাই, কিয়নো বায়ু প্ৰদূষণৰ স্তৰ, যিটো চহৰৰ চাৰিটা স্থানত অত্যাধুনিক নিৰন্তৰ পৰিৱেশ বায়ু গুণমান নিৰীক্ষণ কেন্দ্ৰৰ (চিএএকিউএমএছ) দ্বাৰা নিৰীক্ষণ কৰা হয় সেয়া ভাল হৈয়েই আছে। উল্লেখ্য আইকিউএয়াৰৰ ২০২৩ চনৰ বিশ্ব বায়ু গুণমান প্ৰতিবেদন অনুসৰি গুৱাহাটী বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰসমূহৰ ভিতৰত দ্বিতীয় সৰ্বাধিক প্ৰদূষিত চহৰ । গুৱাহাটীত গড় বাৰ্ষিক পিএম ২.৫ পোৱা গৈছে আৰু বায়ুৰ ঘনত্ব ১০৫.৪ বুলি নথিভুক্ত কৰা হৈছে। গুৱাহাটীত বায়ুৰ মান বিশ্ব স্বাস্থ্য সংস্থাই নিৰূপণ কৰি দিয়া স্তৰৰ তুলনাত দহ গুণতকৈ অধিক। চহৰখনৰ প্ৰদূষণৰ স্তৰ বৃদ্ধিৰ বাবে বিভিন্ন কাৰকক দায়ী কৰিব পাৰি, যাৰ ভিতৰত আছে নিৰ্মাণ কাৰ্যকলাপ বৃদ্ধি । গুৱাহাটীত শেহতীয়াকৈ ঘৰ-দুৱাৰ, ফ্লাই অভাৰ আদিকে ধৰি নানান ধৰণৰ নিৰ্মাণকাৰ্য পূৰ্বতকৈ অধিক হাৰত বৃদ্ধি পাইছে। ইয়াৰ ফলত চহৰ খনত ধুলি প্ৰদূষণ বৃদ্ধি হৈছে।

একেদৰে মহানগৰ খনত যানবাহনৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে। বিহাৰৰ বেগুচৰাই দিল্লী, মুল্লানপুৰ আৰু লাহোৰে বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে শীৰ্ষ স্থান দখল কৰিছে। বিশ্বৰ আটাইতকৈ প্ৰদূষিত দহ খন চহৰৰ ভিতৰত নখন ভাৰতৰ আৰু ৪২ খন ভাৰতীয় চহৰে শীৰ্ষ ৫০ ত স্থান লাভ কৰিছে।

Leave A Reply