উদয়াস্ত আলিবাট অসম(Guwahati News) (সামাজিক -সাংস্কৃতিক-অৰাজনৈতিক অনুষ্ঠান)ৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত প্ৰয়াত শিশিৰ গোস্বামীৰ পবিত্ৰ সোঁৱৰণত মহানগৰীৰ ভাস্কৰ নগৰ অঞ্চলৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক কালি বিয়লি উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে।

মানৱ দৰদী কৃতী শিক্ষয়িত্ৰী, কবি-লেখিকা ড০ মঞ্জুলা গোস্বামীৰ একক তথা অন্যন্য প্ৰচেষ্টাত অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে ‘দৈনন্দিন বাৰ্তা’ কাকতৰ মুখ্য সম্পাদক ড০ নৰেন হাজৰিকাই। অঞ্জুৰাণী দেৱীয়ে পৰিৱেশন কৰা সৰস্বতী বন্দনাৰে আৰম্ভ কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা দাঙি ধৰি উদয়াস্ত আলিবাট অসমৰ কাণ্ডাৰী ড০ মঞ্জুলা গোস্বামীয়ে কয়- “কৃতী ছাত্ৰ-ছাত্ৰীসকলক এধানিমান সম্বৰ্ধনা জ্ঞাপন কৰিব পাৰিলে আমি সাৰ্থক অনুভৱ কৰিব পাৰো।” সভাত বক্তৃতা প্ৰদান কৰি পৰাগজ্যোতি প্ৰকাশনৰ সচিব, সাংবাদিক, লেখক দীপক শৰ্মাই কয়- “ড০ মঞ্জুলা গোস্বামীৰ চিন্তা আমাৰ সকলোৰে বাবে পাথেয়।
তেওঁ লোৱা এই ঈৰ্ষান্বিত প্ৰচেষ্টাই এদিন সকলোৰে বাবে আদৰ্শ হৈ পৰিব। আমি প্ৰতিদিনে ইতিবাচক দৃষ্টিভংগীৰে আগুৱাই যাব লাগে।” আন এগৰাকী অতিথি বিশিষ্ট অভিনেতা দিলিপ বৰুৱাই কয়- ‘বৰ্তমান সময়ত ড্ৰাগছৰ অবাধ প্ৰচলনে যুৱ সমাজক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। সৎ মানুহ হ’বলৈ হ’লে, যিকোনো মাদক দ্ৰব্য সেৱনৰ পৰা আঁতৰি আহিব লাগিব। শিষ্টাচাৰ আৰু সংস্কাৰি হ’বলৈ ছাত্ৰ-ছাত্ৰী সকলে শিকিব লাগিব।’ অনুষ্ঠানত কবি কৃষ্ণ দত্ত, অসীম ডেকাই বিশিষ্ট অতিথি হিচাপে অংশ লয় ।
সভাত ভাস্কৰ বিদ্যাপীঠত ছাত্ৰ-ছাত্ৰী ক্ৰমে জয়ৰাজ কৌশিক, ইমৰাণ হুছেইন আৰু ৰিয়া ঘোষক অভিনন্দন পত্ৰ, অত্যাৱশ্যকীয় সামগ্ৰী, নগদ ধন আৰু ফুলৰ ফুলিলে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী মনোবিজ্ঞানৰ অধ্যাপিকা ড০ তামান্না গোস্বামী শৰ্মাই সত্ৰীয়া নৃত্য, অনিতা দাস বৰগোহাঁইয়ে বিহু গীত, অনামিকা কৌশিক আৰু বিনিতা ৰয়ে আধুনিক গীত পৰিৱেশন কৰি পৰিৱেশটি প্ৰাণৱন্ত কৰি তোলে।
সভাপতিৰ ভাষণত জ্যেষ্ঠ সাংবাদিক ড০ নৰেন হাজৰিকাই কয়- “এজন মানুহ হিচাপে থিয় হোৱাৰ সপোন দেখিব লাগে। এই সপোন শৈশৱ-কৈশোৰৰ পৰা দেখিব লাগে। যিমানে ধুমুহা নাহক, এদিন নহয় এদিন সফল ক্ষেত্ৰত উপনিত হ’ব পাৰি।” সভাত সমজুৱাৰ পৰা সমাজসেৱী প্ৰজ্ঞাশ্ৰী খাউণ্ডেও বক্তৃতা প্ৰদান কৰে।