মুম্বাই আইআইটি আৰু অষ্ট্ৰেলিয়াত অধ্যয়নৰ সুযোগ মাৰ্ঘেৰিটাৰ অম্লানজ্যোতি গগৈৰ

মাৰ্ঘেৰিটাৰ জয়ানগৰৰ নিবাসী ৰাজীৱ গগৈ আৰু জ্যোতি গগৈৰ সুযোগ্য সন্তান অম্লানজ্যোতি গগৈয়ে কঢ়িয়াই আনিছে এক গৌৰৱোজ্জ্বল সফলতা।

মেধাৱী শিক্ষাৰ্থী অম্লানজ্যোতি গগৈয়ে দেশৰ অন্যতম শীৰ্ষ শিক্ষানুষ্ঠান মুম্বাই আইআইটি (IIT Mumbai)ৰ লগতে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ মনাৰ্চ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণৰ এক সোণালী সুযোগ লাভ কৰিছে।

​কেৱল সিমানেই নহয়, শেহতীয়াকৈ তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘নেট’ (NET) পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছে।

অম্লানজ্যোতি এই চমকপ্ৰদ সাফল্যই সমগ্ৰ মাৰ্ঘেৰিটা অঞ্চললৈ কঢ়িয়াই আনিছে আনন্দৰ জোৱাৰ।

সৰুৰে পৰা অতি মেধাৱী অম্লানজ্যোতি গগৈৰ সাফল্যত উৎফুল্লিত পৰীয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসী।

Related Articles