Breaking

এজন ৰিক্সাচালকৰ হাতত পিষ্টল। বিহাৰৰ অজয় প্ৰসাদে অপৰাধ কৰি পলায়ন কৰি আহিছিল গুৱাহাটীলৈ।

0 154

মহানগৰীত ৰিক্সাচালকৰ পৰা পিষ্টল জব্দ। পল্টনবজাৰ থানাই আটক কৰে ৰিক্সাচালকজনক। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে পল্টনবজাৰ আৰক্ষীয়ে। ধৃত ৰিক্সাচালকজনৰ নাম অজয় কুমাৰ প্ৰসাদ। অজয় কুমাৰ প্ৰসাদৰ ঘৰ বিহাৰত।

নিশা আৰক্ষীয়ে এক অভিযান চলাই পল্টন বজাৰৰ পৰা কৰায়ত্ত কৰে অজয় কুমাৰ প্ৰসাদ নামৰ ৰিক্সাচালকজনক। ৰিক্সাচালক জনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৫টা সজীৱ গুলীসহ এটা পিষ্টল। বিহাৰত অপৰাধ সংঘটিত কৰি অসমলৈ আহিছিল ধৃত অজয় কুমাৰ।

Leave A Reply