Guwahati Tea Auction Centre: গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ অভিলেখ, ১৬৯.১৩ মিলিয়ন কিলোগ্ৰাম চাহ বিক্ৰী

২০২৪-২৫ বিত্তীয় বৰ্ষত চাহ বিক্ৰীৰে গুৱাহাটী চাহ নিলাম(Guwahati Tea Auction Centre) কেন্দ্ৰই সৃষ্টি কৰিছে অভিলেখ৷ গুৱাহাটী চাহ নিলাম ক্ৰেতা সন্থাৰ সম্পাদক দীনেশ বিহানীয়ে সদৰী কৰিছে এই অভিলেখৰ বিতং তথ্য৷ তেওঁ কয়, ‘কেন্দ্ৰসমূহে ২০২৪-২৫ চনত প্ৰতি কিলোগ্ৰামত গড় মূল্য ২২৭.৭০ টকাত ১৬৯.১৩ মিলিয়ন কিলোগ্ৰাম গুণগত মানৰ চাহ বিক্ৰীৰ ৰেকৰ্ড স্থাপন কৰিছে৷ বিগত বিত্তীয় বৰ্ষত বিক্ৰী হোৱা প্ৰতি কিলোগ্ৰাম চাহৰ গড় মূল্য ১৮৩.২০ টকাৰ বিপৰীতে চলিত বৰ্ষত ১৬৬.৩৪ মিলিয়ন কিলোগ্ৰামৰ তুলনাত প্ৰতি কিলোগ্ৰামত ৪৪.৫০ টকাৰ উল্লেখযোগ্য বৃদ্ধিৰে এই মূল্য বৃদ্ধি পাইছে৷’ তেওঁ আৰু কয় যে বিত্তীয় বৰ্ষৰ মুঠ বিক্ৰীৰ।


প্ৰায় ৩,৮৫১ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে৷ এই ছিজনতো গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অভিলেখ ভংগকাৰী মূল্য দেখা গৈছে৷ বিহানীয়ে কয়, ‘হুকমুল চাহৰ এটা লাইনে প্ৰতি কিলোগ্ৰামত সৰ্বকালৰ সৰ্বোচ্ছ ৭৫১ টকা লাভ কৰিছিল৷ তদুপৰি বাইট লিফ ফেক্টৰীসমূহে [বি এল এফ] গোটেই বছৰটো শক্তিশালী আৰু লাভজনক মূল্য লাভ কৰিছিল, বেজোপথাৰ চাহৰ এটা লাইন প্ৰতি কিলোগ্ৰামত ৪৭১ টকাত বিক্ৰী হৈছিল৷’ এইবাৰ অসমৰ জিলাসমূহৰ ভিতৰত ধেমাজি জিলাৰ bough leaf factoryৰ চাহে সৰ্বাধিক মূল্য লাভ কৰে৷ ‘প্ৰতিযোগিতামূলক মূল্য প্ৰদানৰ উপৰি গুৱাহাটী চাহ নিলাম কেন্দ্ৰই অন্যান্য নিলাম কেন্দ্ৰৰ ভিতৰত চাহ বিক্ৰীৰ খৰচ কম হোৱাৰ বাবে থিয় দিছে, যাৰ ফলত ই বিক্ৰেতা সদস্যসকলৰ বাবে এক পছন্দৰ মঞ্চ৷ ধাৰাবাহিকভাৱে উচ্ছমানৰ প্ৰস্তাৱ আৰু খৰচ-বহনক্ষম কাৰ্যকলাপৰ সৈতে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ ভাৰতীয় চাহ উদ্যোগৰ এক মূল কেন্দ্ৰ হিচাপে দ্ৰুতগতিত আত্মপ্ৰকাশ কৰিছে৷’ বিহানীয়ে কয়৷

বিহানীয়ে লগতে আলোকপাত কৰি কয় যে জি টি এ চিয়ে নিলাম কেন্দ্ৰ ভৱনৰ ভিতৰত অৱস্থিত নিজৰ ইন-হাউছ টি লাউঞ্জৰ জৰিয়তে একক মূলৰ অসম চাহৰ সক্ৰিয় প্ৰচাৰ কৰি আহিছে ৷ উল্লেখযোগ্য যে, ১৯৭০ চনত স্থাপন হোৱা গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো অসম বিধানসভাৰ চৌহদৰ ঠিক কাষতে অৱস্থিত৷

Related Articles