Breaking

গুৱাহাটীত কাইলৈৰে পৰা ইথানল মিহলি পেট্র’ল

0 52

ইথানল মিহলি পেট্র’ল বিক্রী কৰাত আপত্তি নাই নর্থ–ইষ্ট ইণ্ডিয়া পেট্র’লিয়াম ডীলাৰ এছ’চিয়েচনৰ৷ এখন সংবাদ মেল সম্বোধন কৰি এছ’চিয়েচনৰ সভাপতি ৰাজীৱ গোস্বামীয়ে কয়– হঠাৎ সোমবাৰৰ পৰা তেল কোম্পানীসমূহে গুৱাহাটীকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ পেট্র’ল ডিপোসমূহত ইথানল মিহলি পেট্র’ল বিক্রী কৰিব লাগিববুলি এক নির্দেশনা জাৰি কৰিছে৷ এই নির্দেশনাৰ পাছতে পেট্র’ল পাম্পসমূহৰ স্বত্বাধিকাৰীসকল চিন্তিত হৈ পৰিছে৷

উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে যোগান ধৰিবলগীয়া ইথানল মিহলি পেট্র’লত ১০ শতাংশ ইথানল থাকিব৷ সভাপতি গোস্বামীয়ে লগতে কয় যে উত্তৰ–পূর্বাঞ্চলৰ সেমেকা জলবায়ুৰ বাবে পেট্র’ল ডিপোৰ পেট্র’ল থকা টেংকীবোৰ প্রায় ঘামি যায় আৰু ভিতৰত পানী জমা হয়৷ সময়ে সময়ে এই পানীখিনি বাহিৰলৈ উলিয়াই টেংকীবোৰ চাফা কৰা হয়৷ ৰাসায়নিক ধর্ম মতে পানীৰ লগত ইথানল একেবাৰে মিহলি হৈ পানীলৈ ৰূপান্তৰিত হয়৷ ইথানল মিহলি পেট্র’লত ১০ শতাংশ ইথানল যিহেতু মিহলি হৈ থাকিবই, গতিকে পানীৰ পৰিমাণ টেংকীত বৃদ্ধি হ’ব, যদিহে উপযুক্ত প্রক্রিয়াৰে এই পানীখিনি টেংকৰ পৰা নাইকিয়া কৰা নহয় ৷ তেওঁ কয়– বর্তমান নর্থ–হষ্টৰ পেট্র’ল ডিপোবোৰত থকা পেট্র’লৰ টেংকীবোৰত পানী শোষণ কৰিব পৰা অত্যাধুনিক প্রক্রিয়া সংলগ্ন হৈ থকা নাই৷ গতিকে পানীৰ পৰিমাণ বৃদ্ধি হৈ গ’লে এফালে ডিপোৰ লোকচান হোৱাৰ লগতে গ্রাহকৰো অসুবিধাৰ সৃষ্টি হোৱাৰ আশংকা কৰিছে সভাপতি গোস্বামীয়ে৷

তেওঁ আৰু কয়– আমাৰ হথানল মিহলি পেট্র’ল বিক্রী কৰাত আপত্তি নাই৷ কিন্তু গ্রাহকৰ লগতে ডিপোসমূহৰো লোকচান যাতে নহয় সেয়া তেল কোম্পানীয়ে নিশ্চিতি দিব লাগিব৷ এইক্ষেত্রত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ বাবে বিভিন্ন মাধ্যমত বিজ্ঞাপন , তেল দিয়া যন্ত্রত ইথানল মিহলি পেট্র’ল বুলি ৰাহজে দেখাকৈ জাননী লগোৱাৰ বাবে এছ’চিয়েচনে তেল কোম্পানীক দাবী জনাইছে৷ তেল কোম্পানীয়ে দাবীবোৰ মানি নোলোৱা পর্যন্ত ইথানল মিহলি পেট্র’ল গ্রাহকক যোগান নধৰাৰ সিদ্ধান্ত লৈছে এছ’চিয়েচনে৷ সোমবাৰৰ পৰা ইথানল মিহলি তেল ডিপোসমূহত নোলোৱাৰ সিদ্ধান্ত লৈছে এছ’চিয়েচনে৷ সেয়েহে আন্তঃগাথনিৰ উন্নয়নৰ দাবী জনাইছে নথইষ্ট ইণ্ডিয়াৰ পেট্র’লিয়াম ডিলাৰ এছচিয়েচনে৷

Leave A Reply