Breaking

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিধি বিদ্যা বিভাগৰ প্ৰতিষ্ঠা দিৱস উদযাপন…

0 1,043

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিধি বিদ্যা বিভাগৰ ঐতিহ্যমণ্ডিত ৪৫ বছৰীয়া প্ৰতিষ্ঠা দিৱস কালি বিভাগটোৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয় । উল্লেখ্য যে সুদীৰ্ঘ ১৯৭৬ চনৰ ২৩ মাৰ্চত জন্ম লাভ কৰা বিধি বিভাগটোৱে কালি ৪৫ বর্ষ অতিক্ৰম কৰে । প্ৰতিষ্ঠা দিৱস অনুষ্ঠানটো বৃক্ষৰোপন কাৰ্যসূচীৰে শুভাৰম্ভণি কৰা হয় । অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধি বিদ্যা বিভাগৰ প্ৰাক্তন শিক্ষাবিদ তথা বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ড০ জৱাহাৰলাল সৰকাৰ । মুখ্য অতিথিৰ ভাষণত ড০ সৰকাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিধি বিদ্যা বিভাগৰ গৌৰৱোজ্জ্বল ইতিহাস সন্দৰ্ভত এক তত্বগধুৰ পৰ্যালোচনা আগবঢ়ায় ।

অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র কল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতি ।  আনহাতে বিভাগীয় মুৰব্বী অধ্যাপিকা ড০ স্তুতি ডেকাই ভাষণ প্ৰসংগত কয় যে -“গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিধি বিদ্যা বিভাগটোৰ এক অনন্য মৰ্যাদা আছে । বিভাগটোৰ জৰিয়তে ইতিমধ্যে যথেষ্ট সংখ্যক ছাত্ৰই সুখ্যাতিৰে অধ্যয়ন সম্পূৰ্ণ কৰি বৰ্তমান আইনৰ ক্ষেত্ৰখনত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে । তদুপৰি ৰাজ্যখনৰ ৰাজনৈতিক ক্ষেত্ৰ খনৰ সৈতে বিধি বিদ্যা বিভাগটোৰ আছে এক পৰিপূৰক সম্পৰ্ক । ” অনুষ্ঠানটোত উপস্থিত থাকি বিভাগটোৰ সহকাৰী অধ্যাপিকা ড০ অপৰাজিতা বৰুৱাই এক সাৰুৱা ভাষণ প্ৰদান কৰে । অনুষ্ঠানটোত বিধি বিদ্যা বিভাগৰ সহকাৰী অধ্যাপিকা ড০ ৰূপালী দেৱ বৰ্মা , ড০ দীপাংকৰ দাস , টিচিং এছ’চিয়েট বনশ্ৰী ৰয় , গৌৰৱ গোস্বামীকে আদি কৰি গৱেষক ছাত্ৰ ছাত্ৰী তথা বিভাগটোৰ ছাত্র-ছাত্ৰী সকল উপস্থিত থাকে । আনহাতে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি এখনি আন্তঃবিভাগ কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হয়।

Leave A Reply