Breaking

মহিলা প্ৰিমিয়াৰ লীগত গুৱাহাটীৰ ৰজনী বসনেত কলিতাক ৰেফাৰী হিচাপে নিযুক্তি

0 204

গুৱাহাটীৰ ৰজনী বসনেত কলিতাক প্ৰথম মহিলা প্ৰিমিয়াৰ লীগ (WPL)ৰ অন্যতম মেচ ৰেফাৰী হিচাপে নিযুক্তি দিয়া হৈছে। মুম্বাইত অনুষ্ঠিত হ’ব WPLৰ মেচ। কলিতাৰ ঘৰ গুৱাহাটীৰ বৰাগাঁৱত।

ডব্লিউ পি এলৰ উদ্বোধনী ছিজনৰ টিকট বিক্ৰীৰ বাবে মুকলি কৰা হৈছে, মহিলাসকলে বিনামূলীয়াকৈ প্ৰৱেশ লাভ কৰিছে।

৪ মাৰ্চৰ পৰা (শনিবাৰে) আৰম্ভ হ’ব লীগ। নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত গুজৰাট জায়েন্টছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ’ব প্ৰথমখন খেল। ২২খন খেল অনুষ্ঠিত হ’বলগীয়া এই ছিজনৰ এই ইভেণ্ট মহিলা তথা ছোৱালীৰ বাবে বিনামূলীয়া। BookMyShow এপৰ মতে পুৰুষ আৰু ল’ৰাৰ টিকটৰ গড় মূল্য ১০০ আৰু ৪০০টকা।

টাটা ডব্লিউ পি এল ২০২৩ৰ মুকলি অনুষ্ঠানত বলীউডৰ অভিনেতা কৃতি ছানন আৰু কিয়াৰা আদৱানীৰ লগতে সংগীতৰ চেন্সেশন এ পি ধিলনৰ অভিনয় থাকিব। বিনামূলীয়াকৈ জিঅ’ চিনেমা এপত লাইভ ষ্ট্ৰীমিং কৰা হ’ব এই প্ৰতিযোগিতা। টিভি দৰ্শকে Sports18 Network ত সকলো একচন ধৰিব পাৰিব।

Leave A Reply