Breaking

‘মোদী থকাহেঁতেন আজি পাকিস্তানৰ এনে অৱস্থা নহ’লহেঁতেন’! প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা পাকিস্তানী নাগৰিকৰ…

0 61

পাকিস্তানৰ এজন নাগৰিকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসা কৰাৰ লগতে আকাশচুম্বী মুদ্ৰাস্ফীতিৰ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ বাবে নিজৰ দেশৰেই প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফক উপহাস কৰাৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত তাৎক্ষণিকভাৱে ভাইৰেল হৈ পৰিছে। ব্যাপকভাৱে শ্বেয়াৰ হোৱা ভাইৰেল ভিডিঅ’টো পাকিস্তানী ইউটিউবাৰ ছানা আমজাদে পোষ্ট কৰিছে। ভিডিঅ’টোত এজন পাকিস্তানী নাগৰিকে সহায়ৰ বিচাৰি কৰা হাহাকাৰ আৰু দেশখনৰ প্ৰচলিত অৱস্থাক লৈ শ্বেহবাজ শ্বৰীফ চৰকাৰৰ বিৰুদ্ধে তেওঁৰ ক্ষোভৰ প্ৰতিফলন দেখুওৱা হৈছে। ভিডিঅ’টোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তান শাসন কৰি থাকিলে তেওঁলোকে যুক্তিসঙ্গত মূল্যত সামগ্ৰী ক্ৰয় কৰিব পাৰিলেহেঁতেন বুলি লোকজনে কৈছে।মানুহজনে লগতে কৈছে যদি ১৯৪৭ চনত দেশ বিভাজন নহ’লহেঁতেন, তেন্তে তেওঁ আৰু তেওঁৰ দেশবাসীয়ে যুক্তিসঙ্গত দামত অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিব পাৰিলেহেঁতেন।

লোকজনে কৈছে “মই ভাবো যে পাকিস্তান ভাৰতৰ পৰা পৃথক নোহোৱা হেঁতোন আমি বিলাহী প্ৰতি কিলোগ্ৰামত ২০ টকাত , মুৰ্গী ১৫০ টকাত আৰু পেট্ৰ’ল লিটাৰত ৫০ টকাত ক্ৰয় কৰিব পাৰিলোহেঁতেন,” । তেওঁ লগতে কয়, “এয়া দুৰ্ভাগ্যজনক কথা যে আমি এখন ইছলামিক ৰাষ্ট্ৰ পাইছো কিন্তু আমি ইয়াত ইছলাম প্ৰতিষ্ঠা কৰিব নোৱাৰিলোঁ।”

তেওঁ কৈছে ”যদি আমাৰ ওচৰত নৰেন্দ্ৰ মোদী থাকিলেহেঁতেন , তেন্তে আমাক নৱাজ শ্বৰীফ বা বেনজীৰ বা ইমৰানৰ প্ৰয়োজন নহ’লহেঁতেন, আনকি পাৰভেজ মুছাৰফৰো প্ৰয়োজন নহ’লহেঁতেন। আমি কেৱল প্ৰধানমন্ত্ৰী মোদীক বিচাৰো, কিয়নো কেৱল তেওঁহে দেশৰ সকলো বেয়া কাৰকৰ সৈতে মোকাবিলা কৰিব পাৰে। ভাৰত বৰ্তমান বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি, আনহাতে আমি ক’তোৱেই নাই,” তেওঁ ইউটিউবাৰক কয়।উল্লেখ্য অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে এতিয়া পাকিস্তানৰ জনতাক জ্বলা-কলা খুৱাইছে।

Leave A Reply