Breaking

হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা

0 14

বিটিআৰত জংঘলৰাজ আছিল, হাগ্ৰামা মহিলাৰীয়ে ইয়াত কুশাসন চলাইছিল, হত্যা-হিংসা ইয়াত ৰাজনীতিবিদসকলৰ শেষ আশ্ৰয় আছিল।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। আজি সাংবাদিকৰ আগত এই মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে দুইৰ পৰা আঢ়ৈ লাখ ভোটৰ ব্যৱধানত বিজেপি, ইউপিপিএল, অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী জয়লাভ কৰিব বুলি মন্তব্য কৰে। হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে বিটিআৰত হাগ্ৰামাই জংঘলৰাজ চলাইছিল। হাগ্ৰামা মহিলাৰীয়ে বিটিআৰত কুশাসন চলাইছিল। হত্যা-হিংসা ইয়াত ৰাজনীতিবিদসকলৰ শেষ আশ্ৰয় আছিল।

এইবিলাক এতিয়া নাইকিয়া হৈ গ’ল। এতিয়া সকলোৱে বিজেপি, ইউপিপিএল, অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিব। তেওঁ আৰু কয় যে ইয়াত এতিয়া সকলোৱে শান্তিত আছে। ইয়াত উন্নয়ন নিশ্চিতভাৱে হৈছে, ৰাস্তা-পথৰ অৱস্থা বহুত ভাল হ’ল। মই বহু আগৰে পৰা বিটিচিলৈকে অহা-যোৱা কৰিয়ে আছো। তেওঁ কয় যে আমি বানপানীৰ ক্ষেত্ৰতো যথেষ্ট কাম কৰিছো। দুখনকৈ মেডিকেল কলেজ এই ৭-৮ বছৰত বিটিআৰত হ’ল। দলঙো বহুত হ’ল। ইয়াৰ ৰাইজে শান্তি বিচাৰে, উন্নয়ন বিচাৰে, জংঘলৰাজ নিবিচাৰে। সেইকাৰণে সকলোৱে বিজেপি, ইউপিপিএল আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিব বুলি তেওঁ দৃঢ়তাৰে কয়।


বিপিএফে কিমানখন আসন পাব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে হাগ্ৰামা মহিলাৰীৰ খুব বেয়া অৱস্থা হ’ব। তেওঁলোকৰ প্ৰাৰ্থীয়ে ২ ৰ পৰা আঢ়ৈ লাখ ভোটৰ ব্যৱধানত যে হাৰিব এয়া খাটাং বুলি কয়। সাংবাদিকে বিৰোধীৰ প্ৰসংগ উত্থাপন কৰাত তেওঁ কয় যে অসমত বিৰোধী নাই। আমি যদি প্ৰত্যেকটো সমষ্টিত ২-২.৫০ লাখ ভোটৰ ব্যৱধানত জিকো, তেন্তে বিৰোধী ক’ত আছে বুলি তেওঁ ওলোটাই প্ৰশ্ন কৰে। তেওঁ কয় যে আমি উন্নয়ন কৰিছো, আমি কাকো বেয়া ব্যৱহাৰ কৰা নাই, কাৰো অন্যায় কৰা নাই, আমি অসমৰ উন্নয়ন কৰিছো। তেওঁ পুনৰ কয় যে কংগ্ৰেছে যেতিয়া ৬০ বছৰ অসম চলাইছিল, তেতিয়া অসমত ৬ খন মেডিকেল কলেজ আছিল, এতিয়া অসমত ১৮ খন মেডিকেল কলেজ হ’ল। কংগ্ৰেছে যেতিয়া ৬০ বছৰ ভাৰতবৰ্ষ চলাইছিল, তেতিয়া ভাৰতবৰ্ষত এয়াৰপৰ্ট আছিল মাত্ৰ ৭৬ টা। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ বছৰতে এয়াৰপৰ্ট বনালে ৭৫ টা।

অসমত বিশ্ববিদ্যালয় আছিল কংগ্ৰেছৰ ৬০ বছৰত ৭ খন আৰু আমি ৮ বছৰত বনালো ১৫ খন। আগতে ৰাস্তা যিমান আছিল, তাৰ ডাবল-ট্ৰিপুল হ’ল বুলি তেওঁ উল্লেখ কৰে। তেওঁ আৰু কয় যে আগতে কংগ্ৰেছৰ দিনত ৭৫ হাজাৰ টকাৰ অনুদানৰ ঘৰ আছিল, তাকো বিডিঅ’, জে ই ই, ঠিকাদাৰ, বিধায়ক, পঞ্চায়ত সভাপতিয়ে খাইছিল। এতিয়া সেই ঘৰ ডেৰ লাখ টকীয়া হ’ল। এতিয়া পইচা কোনেও খাব নোৱাৰে, গৃহস্তই নিজে ঘৰটো বনোৱা হ’ল। এয়া বৃহৎ পৰিৱৰ্তন। কংগ্ৰেছে ৰাইজক চাউল বিক্ৰী কৰিছিল, আমি বিনামূলীয়া চাউল দিওঁ।

তেওঁ আৰু কয় যে অৰুণোদয়ৰ কথা বাৰু নক’ৱেই আমি ১ লাখ ল’ৰা-ছোৱালীক চাকৰি দিলো, কোনোৱে ক’ব নোৱাৰে ক’ৰবাত এটা টকাৰ দুৰ্নীতি হৈছে বুলি। সেইকাৰণে অসমৰ ৰাইজে বিজেপি, ইউপিপিএল, অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব বুলি তেওঁ মন্তব্য কৰে। বৰপেটা লোকসভাত সমষ্টিত বিজয় নিশ্চিত বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে ধুবুৰীত আমি ‘টাফ ফাইট’ত আছো বুলি কয়। আনহাতে, অসমত লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে নিশ্চিতভাৱে ১২ খন আসনত জয়ী হ’ব বুলি উল্লেখ কৰি ১৩ খন আসনো লাভ কৰিব পাৰে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।


উল্লেখ্য যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চিৰাং আৰু বাক্সা জিলাত আজি কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই বিজেপি, ইউপিপিএল আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।

Leave A Reply