Breaking

হাইলাকান্দিত বানপৰিস্থিতিয়ে ধাৰণ কৰিছে বিভীষিকা।

0 67

হাইলাকান্দি জিলাৰ বান পৰিস্থিতিৰ অধিক অবনতি ঘটিছে
জিলাখনৰ আলগাপুৰ ৰাজহ চক্ৰৰ ন ন গাঁৱ বৰ্তমান বানৰ কবলত পৰিছে । গৃহহীন হৈ পৰিছে বহু লোক । বৰাক নদীৰ বাঢ়নি পানীয়ে পাঁচগ্ৰাম আৰু কালীনগৰ গাঁৱ ও চণ্ডিপুর পঞ্চায়ত এলাকাত একপ্ৰকাৰ তান্ডৱৰ সৃষ্টি কৰিছে । হাইলাকান্দি জিলাৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ তিনটা স্থানত বৰাক নদীৰ পানী প্ৰবেশ কৰি যাতায়াত স্তব্ধ কৰি তুলিছে। আনফালে, বানৰ ফলত পাঁচগ্ৰাম দাস কলনিৰ বহু পৰিয়াল গৃহবন্দি হৈ পৰিছে । অন্ন – বস্ত্র -বাসস্থানৰ বাবে হাহাকাৰ ৰাইজৰ ।

Leave A Reply